কালি যোৰহাটত দিন দুপৰতে অনিমেশ ভূঞা নামৰ এজন যুৱকক প্ৰায় ৫০ জন ব্যক্তিয়ে মিলি মৰিয়াই মৰিয়াই হত্যা কৰাৰ বাতৰিয়ে ৰাজ্যখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অসমত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে গণ প্ৰহাৰ। বহুতো লোকে এই ঘটনা কেৱল কিছু জনজাতি, সমাজ, স্পৰ্শকাতৰ এলেকাত দেখা পোৱা যায় বুলি বিশ্বাস কৰে। কিন্তু এই কথা কেতিয়াও সঁচা হ’ব নোৱাৰে।
নীল অভি, ঝংকাৰ শইকীয়াক কাৰ্বি আংলঙত গণ প্ৰহাৰত মৃত্যু হৈছিল। কেৱল দহ টকাৰ বাবেই ঝংকাৰক মৰিয়াই হত্যা কৰা হৈছিল। মৰিয়ণিৰ চাহ এদল জনগোষ্ঠীৰ লোকে এজন চিকিৎসকক মৰিয়াই হত্যা কৰিছিল। সেই সময়ত একাংশ লোকে অৰ্দ্ধ শিক্ষিত জনজাতীয় সমাজক দোষাৰোপ কৰিছিল। সভ্য সমাজত এনে ঘটনা নহয় বুলি উল্লেখ কৰে।
যোৰহাটৰ মাজ মজিয়াত কালিৰ ঘটনাই এই কথাক ভুল প্ৰমাণিত কৰিলে। গণ প্ৰহাৰক পৰিকল্পিত বুলি ক’লে সমীচিন নহ’ব। কোনো ঘটনাক লৈ মানুহৰ হঠাৎ হোৱা প্ৰতিক্ৰিয়াই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উত্তেজিত লোকে হিতাহিত জ্ঞান হেৰুৱাই অপৰাধ সংঘটিত কৰে।
অলপতে উত্তৰ প্ৰদেশৰ গৌৰখপুৰত এখন বিয়াত কইনাৰ সম্পৰ্কীয় লোকক মৰিয়াই হত্যা কৰে। বিবাহ বিধি চলি থাকোঁতে ডি জেৰ ভলিউম কমাবলৈ কোৱাৰ বাবেই বিবাহ থলীতে লোকজনক হত্যা কৰাৰ বাতৰিয়েই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ ফলত এই ঘটনা সংঘটিত হ’ব পাৰে বুলি অনুমান কৰা হয়। কিন্তু গণ প্ৰহাৰৰ সৈতে জড়িত কাৰণবোৰ সদায়েই তাৎক্ষণিক হোৱা দেখা যায়। নিজকে সংযম কৰিব নোৱাৰা লোকসকল এই ঘটনাত লিপ্ত হয়। অপৰাধী মানসিকতা পূৰ্বৰে পৰা কঢ়িয়াই ফুৰে বুলি ক’লেও ভুল কোৱা নহ’ব। মনৰ মাজত পুহি ৰখা হিংসুক ভাৱনাৰ সময়ত গণ প্ৰহাৰৰ ৰূপতে বহি প্ৰকাশ ঘটা দেখা যায়। ই এক মানসিক ব্যাধি। এই বিষয়ত বিশেষ গুৰুত্ব প্ৰদান কৰাৰ প্ৰাসংগিকতা আহি পৰিছে।