VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বাক্ স্বাধীনতা খর্ব কৰিছে নেকি আই পি চিৰ ১২৪ এ ধাৰাই ?

voicedesk by voicedesk
May 9, 2022
in অভিমত
বাক্ স্বাধীনতা খর্ব কৰিছে নেকি  আই পি চিৰ ১২৪ এ ধাৰাই ?
0
SHARES
78
VIEWS
Share on FacebookShare on Twitter

চৰকাৰৰ বিৰুদ্ধে সৰৱ হ’লেই দেশদ্ৰোহৰ অভিযোগ জাপি দি গোচৰ ৰুজু কৰা কার্য দেশত নতুন নহয় ৷ সঘনাই  ভাৰতীয় দণ্ডবিধিত থকা দেশদ্ৰোহৰ ধাৰাক চৰকাৰে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে ৷ পুনৰ এবাৰ এই ধাৰাক লৈ সৃষ্টি হৈছে বিতর্কৰ ৷ কিয়নো দেশদ্ৰোহৰ অভিযোগৰ সাংবিধানিক বৈধতাক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত ৰুজু হৈছে গোচৰ ৷বাক্ স্বাধীনতা ধাৰাটোৱে  খর্ব কৰাৰ অভিযোগত ৰুজু কৰা হৈছে এই গোচৰ ৷ ব্ৰিটিছ যুগতে প্ৰৱর্তণ হোৱা এই ধাৰাক প্ৰত্যাহ্বান জনাই  এডিটৰ্ছ গিল্ড অফ ইণ্ডিয়া আৰু অৱসৰপ্ৰাপ্ত  মেজৰ জেনেৰেল  এছ জি ভম্বাটকেৰে উচ্চতম ন্যায়ালয়ত গোচৰ  ৰুজু কৰিছে ৷

১৮৩৭ চনত ব্ৰিটিছ ইতিহাসবিদ-ৰাজনীতিবিদ থমাছ বেবিংটন মেকলেই প্ৰস্তুত কৰিছিল আইনৰ খচৰা ৷  য’ত ‘যিকোনো ব্যক্তিয়ে, কথিত বা লিখিত, বা চিহ্নৰ দ্বাৰা, বা দৃশ্যমান প্ৰতিনিধিত্বৰ দ্বাৰা, বা অন্যথা ঘৃণা বা অৱজ্ঞা কৰাৰ প্ৰয়াস, বা ভাৰতত আইনৰ দ্বাৰা প্ৰতিষ্ঠিত চৰকাৰৰ প্ৰতি অসন্তুষ্টি বা উত্তেজিত কৰাৰ প্ৰয়াস’ ক দেশদ্ৰোহ অথবা ৰাজদ্ৰোহ হিচাপে অভিহিত কৰা হৈছে ৷

১৮৭০ চনত ভাৰতীয় দণ্ডবিধিত  ১২৪ এ ধাৰা অন্তৰ্ভুক্ত কৰিছিল ব্ৰিটিছ চৰকাৰে ৷ মুখ্যত ব্ৰিটিছ ঔপনিৱেশিক চৰকাৰে  বিশিষ্ট ভাৰতীয় স্বাধীনতা সংগ্ৰামীসকলে যাতে লিখনি আৰু ভাষণৰ জৰিয়তে জনসাধাৰণৰ মাজত ব্ৰিটিছৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে এই ধাৰা আৰোপ কৰিছিল ৷ মহাত্মা গান্ধী, লোকমান্য তিলক আৰু যোগেন্দ্ৰ চন্দ্ৰ বসুৰ দৰে নেতাক  দেশদ্ৰোহ আইনৰ অধীনত বিচাৰ কৰা হৈছিল। ১২৪এ ধাৰা এক জামিন অযোগ্য অপৰাধ ৷  এই ধাৰাৰ অধীনত দোষী সাৱ্যস্ত হ’লে তিনি বছৰৰ পৰা আজীৱন কাৰাদণ্ড বিহাৰ লগতে জৰিমনা বিহিব পাৰে ৷ দেশদ্ৰোহত  অভিযুক্ত ব্যক্তিয়ে লাভ নকৰে  চৰকাৰী চাকৰি ৷ অথবা  চৰকাৰে জব্দ কৰিব পাৰে  এনে ব্যক্তিৰ পাছপোৰ্ট। লক্ষণীয়ভাৱে ২০১০ চনত ব্ৰিটেইনৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে দেশদ্ৰোহ আইন ৷

ইপিনে ভাৰতৰ আইন আয়োগে  ২০১৮  চনত দাখিল কৰা  প্ৰতিবেদন অনুসৰি, সংবিধান প্ৰস্তুত কৰাৰ সময়ত  সংবিধান সভাই তেতিয়াৰ অনুচ্ছেদ ১৩ৰ অধীনত বাক্ স্বাধীনতা আৰু মত প্ৰকাশৰ ওপৰত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব পৰা দেশদ্ৰোহ অন্তৰ্ভুক্ত কৰাৰ বিৰোধিতা কৰিছিল।  স্বাধীন ভাৰতত এই ধাৰা অন্তভূর্ক্তিয়ে  ঔপনিৱেশিক সময়ৰ ছাঁ পেলাই থাকিব বুলি আশংকা কৰা হৈছিল ৷ অৱশ্যে, আইপিচিৰ ১২৪ এ ধাৰা ইয়াৰ পাছতো দেশত বলবৎ হৈ থাকিল ৷ প্ৰতিবেদনখনত এইবুলিও কোৱা হৈছে মানুহে তেওঁলোকৰ দেশৰ প্ৰতি তেওঁলোকৰ মৰম নিজৰ ধৰণে দেখুৱাবলৈ স্বাধীনতা থকা উচিত। এনে কৰাৰ বাবে, চৰকাৰৰ নীতিৰ ত্ৰুটিবোৰ আঙুলিয়াই দি গঠনমূলক সমালোচনা বা বিতৰ্কত লিপ্ত হ’ব পাৰে। এনে চিন্তাত ব্যৱহৃত অভিব্যক্তিবোৰ কিছুমানৰ বাবে কঠোৰ আৰু অপ্ৰিয় হ’ব পাৰে, কিন্তু এই কাৰ্য্যবোৰক দেশদ্ৰোহী বুলি অভিহিত কৰিব  নোৱাৰি।” ৰাজহুৱা শৃংখলা ব্যাহত কৰিব পৰা কার্য বা হিংসা আৰু অবৈধ উপায়েৰে চৰকাৰক উৎখাত কৰাৰ বাবে ৰচা ষড়যন্ত্ৰৰ বিৰুদ্ধে এই ধাৰা ব্যৱহাৰ কৰিবলৈ আয়োগে পৰামর্শ দিছে ।

সংসদৰ মজিয়াতো সময়ে সময়ে  এই ধাৰাৰ বিৰুদ্ধে মাত মাতি আহিছে সাংসদসকলে ৷ ২০১১ চনত চিপিআই সাংসদ ডি ৰাজাই ৰাজ্যসভাত এখন প্ৰাইভেট মেম্বাৰ বিল  উত্থাপন কৰি প্ৰস্তাৱ দিছিল যে ১২৪ এ  ধাৰা আইপিচিৰ পৰা  বাদ দিব লাগে ৷  কিন্তু  বিল গৃহীত কৰাত তেওঁ ব্যৰ্থ হয়। ২০১৫ চনত কংগ্ৰেছ সাংসদ শশী থাৰুৰে আইপিচিৰ ধাৰা ১২৪এ সংশোধন কৰিবলৈ লোকসভাত আন এখন প্ৰাইভেট মেম্বাৰ বিল  উত্থাপন কৰিছিল ৷

দেশৰ সর্বোচ্চ ন্যায়ালয়ত  ১২৪ এ ধাৰাক প্ৰত্যাহ্বান জনাই ৰুজু হোৱা গোচৰটোত কেন্দ্ৰৰ হৈ উপস্থিত থকা এটৰ্নি জেনেৰেল কে.কে. বেণুগোপাল আৰু ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাক উদ্দ্যেশি বিশেষ মন্তব্য কৰিছিল মুখ্য ন্যায়াধীশে ৷ ২০২১ চনৰ জুলাই মাহত ভাৰতৰ মুখ্য ন্যায়াধীশ  এন ভি ৰমনে কয়  “দেশদ্ৰোহ হৈছে এক ঔপনিৱেশিক আইন। ই স্বাধীনতা দমন কৰে। ইয়াক মহাত্মা গান্ধী, তিলকৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হৈছিল… স্বাধীনতাৰ ৭৫ বছৰৰ পিছত এই আইন প্ৰয়োজনীয় নেকি?” তেওঁ লগতে কয়, “যদি  আইপিচিৰ 124এ-ধাৰাৰ ব্যৱহাৰৰ ইতিহাস লক্ষ্য কৰে, তেন্তে আপোনালোকে দেখিব যে দোষী সাব্যস্ত হোৱাৰ হাৰ অতি কম। কাৰ্যবাহী সংস্থাসমূহৰ দ্বাৰা ক্ষমতাৰ অপব্যৱহাৰ কৰা হৈছে।” অৱশ্যে, 1962 চনৰ কেদাৰ নাথ গোচৰত উচ্চতম ন্যায়ালয়ে আইপিচিৰ 124এ-ধাৰাৰ সাংবিধানিকতা  বৈধতা বজাই ৰাখিছিল।

২০২০  চনৰ ৰাষ্ট্ৰীয় অপৰাধ ৰেকৰ্ড ব্যুৰো চমুকৈ এনচিআৰবিৰ প্ৰতিবেদন অনুসৰি, ২০১৮  চনত, 70 টা দেশদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছিল ৷ অৱশ্যে, এজনো ব্যক্তিক দোষী সাব্যস্ত কৰা হোৱা নাছিল। একেদৰে ২০১৯  চনত ৯৩ টা গোচৰ ৰুজু কৰা হৈছিল ৷ ইয়াৰ বিপৰীতে  মাত্ৰ দুজনক দোষী সাৱ্যস্ত কৰা হৈছিল ৷  একেদৰে, ২০২০ চনত ৭৩ টা গোচৰ ৰুজু কৰা হৈছিল আৰু এজনকো দেশদ্ৰোহৰ বাবে দোষী সাব্যস্ত কৰা হোৱা নাছিল।২০২০ বর্ষত মণিপুৰত  সৰ্বাধিক  ১৫ টা দেশদ্ৰোহৰ গোচৰ ৰুজু হৈছিল ৷ মণিপুৰৰ পাছতে অসমত ৰুজু হৈছিল সর্বাধিক দেশদ্ৰোহৰ গোচৰ ৷  ২০২০ চনত অসমত ৰুজু হৈছিল ১২ টা গোচৰ ৷ তদুপৰি কৰ্ণাটকত ৯টা , উত্তৰ প্ৰদেশত ৭টা,হাৰিয়ানাত ৬টা, দিল্লীত ৫টা  গোচৰ ৰুজু হৈছিল

উল্লেখযোগ্য যে দেশৰ আগশাৰীৰ সমাজকর্মী. সাহিত্যিকৰ বিৰুদ্ধে আৰোপ কৰা হৈছে দেশদ্ৰোহৰ অভিযোগ ৷ ২০২০ চনৰ ফেব্ৰুৱাৰীমাহত দিল্লীত ‘কা’ বিৰোধী আন্দোলনত প্ৰৰোচনামূলক  মন্তব্য আৰু ‘পূৰ্বপৰিকল্পিত ষড়যন্ত্ৰ’ৰ অভিযোগত  উমৰ খালিদ, শ্বাৰ্জিল ইমাম, দেৱাঙ্গনা কলিতা, নাতাশা নাৰৱাল, আচিফ ইকবাল তানহা, গুল্ফিশা খাতুন, ইছৰত জাহান, চাফুৰা জাৰ্গাৰ আৰু মীৰান হায়দৰৰ দৰে শিক্ষার্থী আৰু নেতাক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ এক্টিভিষ্ট সুধা ভৰদ্বাজ, ভাৰ্নন গনচালভেছ, ভাৰাভাৰা ৰাও, হেনি বাবু, আনন্দ তেলটুম্বডে, শোমা সেন আদিৰ বিৰুদ্ধেও আৰোপ কৰা হৈছিল আই পি চিৰ ১২৪ এ ধাৰা ৷ অৱশ্যে শেহতীয়াকৈ ৰুজু হোৱা গোচৰত কেন্দ্ৰই এই ধাৰা অব্যাহত ৰাখিবলৈ বাৰম্বাৰ চেষটা কৰি আহিছে ৷

 

Previous Post

‘আই পি এল২০২২’ৰ ৫৫ তম মেচত চেন্নাই চুপাৰ কিংছৰ বিজয়

Next Post

হাৰিয়ানাৰ হৰপ্পা স্থানত নতুন তথ্য উদ্ধাৰ

Related Posts

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী
অভিমত

স্বাধীনতা সংগ্ৰামৰ বিপ্লবী সেনানী

August 15, 2024
কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত
অভিমত

কুইন অব দি এলিফেণ্টছ (হাতীৰ ৰাণী ) পাৰ্বতী বৰুৱাক পদ্মশ্ৰী বঁটাৰে সন্মানিত

January 26, 2024
সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ
মুখ্য সংবাদ

সৰু সৰু যেন লগা ডাঙৰ কথাবোৰ

October 4, 2023
বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ
অভিমত

বৰ্তমান সময়ত অসমৰ শিক্ষক আৰু সাজপোচাক প্ৰসংগ

August 21, 2023
আহল বহল চিন্তাবোৰ
অভিমত

আহল বহল চিন্তাবোৰ

July 28, 2023
আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?
অভিমত

আজি ‘এপ্ৰিল ফুল’। আপোনাক কেতিয়াবা কোনোবাই এপ্ৰিল ফুল কৰিছিলনে? শেষৰ এপ্ৰিল ফুলটো কেতিয়া কৰিছিল মনত আছেনে ?

April 1, 2023
Next Post
হাৰিয়ানাৰ হৰপ্পা স্থানত নতুন তথ্য উদ্ধাৰ

হাৰিয়ানাৰ হৰপ্পা স্থানত নতুন তথ্য উদ্ধাৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7