কামাখ্যা পীঠৰ উৎপত্তি সম্পৰ্কে বিভিন্ন আখ্যান প্ৰাচীন গ্ৰন্থসমূহত পোৱা যায়। কালিকা পুৰাণৰ মতে , দক্ষ্য যজ্ঞত প্ৰাণ আহুতি দিয়া সতীৰ মৃতদেহ কান্ধত লৈ মহাদেৱে ভ্ৰমি ফুৰোঁতে নাৰায়ণে সুদৰ্শণ চক্ৰৰ দ্বাৰা সতীৰ দেহ খণ্ড বিখণ্ড কৰিছিল আৰু সতীৰ দেহৰ এই টুকুৰাবোৰ যিবোৰ স্থানত পৰিছিল , সেই ঠাইতে একো একোখন পৱিত্ৰ শক্তিপীঠ গঢ়ি উঠিছিল। এনেদৰে দেৱীৰ প্ৰধান যোনি-ভাগ কামৰূপৰ নীলাচল পাহাৰৰ ওপৰত পৰে আৰু তেতিয়াই এই অংগই শীলাৰূপ ধাৰণ কৰি মহামায়া কামাখ্যা নামেৰে জনাজাত হয়।
যোগিনী তন্ত্ৰ মতে , সৃষ্টিকৰ্তা ব্ৰহ্মাৰ অহংকাৰ খণ্ডন কৰিবলৈ মহাকালীয়ে ব্ৰহ্মাৰ দেহত থকা অহংকাৰৰ পৰাই কেশী নামৰ দৈত্য এটাৰ সৃষ্টি কৰিছিল। ব্ৰহ্মা-বিষ্ণুৰ স্তুতিত আৰু দেৱতা সকলৰ অনুৰোধ ক্ৰমে মহাকালীয়ে হুংকাৰ দিয়ে আৰু ইয়াৰ ফলত দুৰ্ধৰ্ষ কেশী দৈত্য ভষ্মীভূত হয়। কেশী দৈত্যৰ বিনাশৰ বাবে ব্ৰহ্মা-বিষ্ণু আৰু দেৱতা সকলে মহাকালীক স্তুতি কৰা ঠাইত মহাকালীৰ তেজৰ পৰা যোনি মণ্ডল সৃষ্টি হয় আৰু এই যোনি মণ্ডলৰ পৰাই সকলো সৃষ্টি হৈছে বুলি উল্লেখ আছে। সৃষ্টিকৰ্তা ব্ৰহ্মায়ো এই যোনি মণ্ডলক পূজা কৰিয়েই বিশ্ব ব্ৰহ্মাণ্ডক সৃষ্টি কৰিছে বুলি যোগিনী তন্ত্ৰত উল্লেখ আছে তদুপৰি কামাখ্যা পীঠত থকা যোনি মণ্ডলত পূজা কৰিলে সৰ্বসিদ্ধি লাভ আৰু মনোকামনা পূৰ্ণ হয় বুলিও উল্লেখ আছে।
শক্তিপীঠ আৰু যোনি পূজাৰ কেন্দ্ৰস্থল মহামায়া কামাখ্যা ধামতে প্ৰতি বছৰে মহা পয়োভৰেৰে উদযাপিত হয় অম্বুবাচী বা আমতিৰ মেলা। কামাখ্যাৰ অম্বুবাচী মেলাক সাতৰ মেলা বুলিও জনা যায়। গ্ৰহ-নক্ষত্ৰৰ সঞ্চাৰ অনুসৰি আহাৰ মাহৰ ছয়দিন মান যোৱাত অম্বুবাচী বা আমতি আৰম্ভ হয়। এই সময়ছোৱাত পৃথিৱীৰ লগতে দেৱী কামাখ্যাও ঋতুমতী হয় বুলি সৰ্বসাধাৰণে বিশ্বাস কৰে। এইকেইদিন দৰ্শনাৰ্থীৰ বাবে কামাখ্যাৰ দ্বাৰ বন্ধ থাকে। অম্বুবাচী নিবৃত্তিৰ দিনাখন বলি বিধানেৰে নিত্য পূজাৰ উপৰিও দেওধা দেওধনী নচুৱাই ডাঙৰ মেলা অনুষ্ঠিত হয়। সেইদিনা মন্দিৰৰ দুৱাৰ খোলা হয় আৰু ভক্ত আৰু দৰ্শনাৰ্থী সকলক মহামায়া কামাখ্যাক দৰ্শণ কৰিবলৈ দিয়া হয়। ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা হিন্দু ধৰ্মাৱলম্বীৰ লোক সকল আহি দেৱীক দৰ্শণ কৰি আশীৰ্বাদ লয় আৰু জীৱন সাৰ্থক কৰি তোলে।
অসম কৃষি প্ৰধান ৰাজ্য। হিন্দু ধৰ্মৰ লোকসকলে ধৰ্ম-বিশ্বাসৰ ওপৰত ভিত্তি কৰি কৃষিকেন্দ্ৰিক বিভিন্ন উৎসৱ -পাৰ্বণবোৰ অতীজৰে পৰা বছৰৰ বিভিন্ন ঋতুৰ বিভিন্ন সময়ত পৰম্পৰাগত ভাৱে পালন কৰি আহিছে। বৰ্ষা ঋতুৰ আহাৰ মাহত পালন কৰা আমতি বা অম্বুবাচী অসমীয়া হিন্দু সমাজৰ এটি প্ৰধান লোক পৰ্ব। আমতি প্ৰধানত ঋতুকালীন কৃষি উৎসৱ আৰু অতীজৰে পৰাই অসমীয়া সমাজত পালিত হৈ আহিছে।
আহাৰ মাহটো অসমৰ বাবে পানীৰ মাহ , বৰষুণৰ মাহ। এই সময়ত অসমত বৰষুণ হৈ প্ৰকৃতিৰ বুকু জীপাল হৈ থাকে। তদুপৰি বাৰিষাৰ বৰষুণৰ লগে লগে কৃষি -শষ্যবোৰ লহপহকৈ বাঢ়ি আহে ।সেয়ে অসমৰ চহা ৰাইজে আই ধৰিত্ৰীক ঋতুমতী হোৱা বুলি ভাবি বিভিন্ন লোকাচাৰেৰে পালন কৰে আমতি বা অম্বুবাচী।
আমতি বা অম্বুবাচী শব্দটো মূল সংস্কৃত ‘অম্বু’ আৰু বাচী শব্দৰ দ্বাৰাই অম্বুবাচী শব্দটি গঠিত হৈছে। অম্বু শব্দই পানী আৰু বাচী শব্দই প্ৰকাশ কৰা বুজায়। অৰ্থাৎ পানী হোৱা কথাকে বুজায়। শুকান ধৰিত্ৰীৰ বুকুলৈ পানী আহি উৰ্বৰা শক্তি বৃদ্ধি কৰি শষ্য-শ্যামলা হোৱা কথাটোকে নিৰ্দেশ কৰে।
আহাৰ মাহৰ ছয়দিন মান যোৱাত আমতি আৰম্ভ হয় আৰু সেই দিনটোক অম্বুবাচী প্ৰবৃত্ত হোৱা বুলি কোৱা হয়। লোক-বিশ্বাস মতে , ধৰিত্ৰী ঋতুমতী হোৱা সময়ছোৱাত নেৰানেপেৰা বৰষুণ হয় গতিকে এই সময়ছোৱাত মাটি খন্দা , হাল বোৱা , কৰ মৰা , গছ-গছনি কটা আদি কামবোৰ কৰিব নাপায়। চহা অসমীয়া কৃষিজীৱি ৰাইজে ঋতুমতী তিৰোতাক তিনিদিন ঘৰুৱা কামৰ পৰা অব্যাহতি দিয়াৰ দৰে ধৰিত্ৰী আইকো ঋতুৰ দিনকেইটাত আমতি বা অম্বুবাচীৰ দিন কেইটাত বিশ্ৰাম দিয়ে।
কামাখ্যাকে প্ৰমুখ্য কৰি অসমৰ শক্তিপীঠ আৰু দেৱী পূজাৰ থান বোৰত আমতি বিশেষ ভাৱে পালন কৰা হয় , ইয়াৰ উপৰিও আমতি প্ৰবৃত্তিৰ সময়ছোৱাত মঠ-মন্দিৰ , নামঘৰ , কীৰ্তনঘৰ আদিত পূজা-সেৱা, উপাসনা আদি বন্ধ থাকে। এই সময়ছোৱাত কোনো মাংগলিক কাৰ্য সম্পন্ন নহয়। এইদৰে বিভিন্ন লোকাচাৰেৰে আমতি পালন কৰি অম্বুবাচীৰ নিবৃত্তিৰ দিনা প্ৰত্যেকে নিজৰ ব্যৱহাৰ্য বাচন-বৰ্তন , কাপোৰ-কানি ধুই , ঘৰ -দুৱাৰ সাৰি -মচি শুদ্ধি কৰে। আনহাতে আহাৰ মহীয়া বৰষুণেও ঋতুমতী ধৰিত্ৰীক ধুই নিকা কৰি সৌন্দৰ্যময়ী কৰি তোলে।
উজনি অসমত অম্বুবাচীক ষাঁঠ বুলি মানে আৰু সেই কেইদিন ভূমি কৰ্ষণ , শষ্য ৰোপণ আদি কামৰ পৰা বিৰত থাকে। নামনি অসমত ষাঁঠ আৰু আমতি দুটা বেলেগ তিথি। সাধাৰণতে জেঠৰ শেষৰ তিনিদিন আৰু আহাৰৰ প্ৰথম তিনিদিন মুঠতে ছয়দিন (ষষ্ঠ>ষাঁঠ) তিথি হিচাপে মানে।
জেঠৰ শেষৰ তিনিদিন , সংক্ৰান্তিৰ দিন আৰু আহাৰৰ প্ৰথম তিনিদিন -এই সাত দিন ‘সাথ’ হয়। আনহাতে আহাৰৰ সাতৰ পৰা এঘাৰ তাৰিখলৈ এই পাঁচ দিন অম্বুবাচী বা আমতি ছুৱা হিচাপে পালন কৰা হয়।
বড়ো -কছাৰী সকলেও আই কামাখ্যাক ( খাম-মাই- খা) সৃষ্টিকৰ্তা বাথৌ -ব্ৰাইৰ লগত একেলগে আসন পাতি পূজা কৰে।তেওঁলোকে বিশ্বাস কৰে যে জন্মদাত্ৰী আই বছৰত এবাৰকৈ ঋতুস্নান কৰে আৰু ফলস্বৰূপে পৃথিৱী পুনৰ শষ্যশ্যামলা হৈ উঠে।
মন কৰিবলগীয়া কথা যে নামনি অসমৰ বড়ো , ৰাভা , কোচ -ৰাজবংশী , ব্ৰাহ্মিন আদি সকলো জাতি-জনজাতিৰ লোকে অম্বুবাচী মানে আৰু আমতি ছুৱাৰ নীতি-নিয়মেৰে শুদ্ধি কৰে।
গাৰো -খাছী আদি মাতৃ কেন্দ্ৰিক সমাজৰ লোকে মাতৃ পূজাক প্ৰাধান্য দিয়ে আৰু মাতৃক সন্মান জনাবলৈ মাতৃক আৰাধনা কৰে। মাতৃৰ আশীৰ্বাদত হে সন্তানৰ মুখ দেখে আৰু ঘৰ তথা দেশৰ মংগল হয় বুলি বিশ্বাস কৰে।
এই ধ্যান-ধাৰণাৰ ভিত্তিতে সমগ্ৰ অসম বাসীয়ে অম্বুবাচীৰ সময়ছোৱাত ধৰিত্ৰীক বিশ্ৰাম দিয়ে অৰ্থাৎ খেতিয়কে হালবোৱা , কোৰ মাৰা , গছ-গছনি ৰোৱা আদি কামৰ পৰা বিৰত থাকি অম্বুবাচী শুদ্ধি হোৱা পিছত ঘৰ-দুৱাৰ , মন্দিৰ -নামঘৰ , থাপনা ধুই-ধাই পৱিত্ৰ কৰি মাহ-প্ৰসাদ আগবঢ়ায়।