শৰতৰ শেৱালিৰ সুগন্ধি সুবাসে চৌদিশ আমোলমলাই আনন্দৰ জোৱাৰ আনে। জীপাল হৈ উঠা ধৰিত্ৰীৰ দৰেই , জীপাল হৈ পৰে মানুহৰ মন। শৰতৰ বিতোপন সময়তে শান্তিৰ বাৰ্তা লৈ আমাৰ মাজত আহে দুৰ্গা পূজা। আকাশে-বতাহে ধূপ-ধূনাৰ সুবাসে সুবাসিত হৈ পৰে ধৰা। পুৰোহিতৰ মন্ত্ৰোচ্চাৰণেৰে মুখৰ হৈ পৰে পূজাৰ স্থলী। বতাহত নিনাদিত হয় দেৱীৰ বন্দনা।
আহিনৰ চতুৰ্দশী তিথিৰ পৰা নৱমীৰ দিনলৈকে নৱৰাত্ৰিৰ আজি তৃতীয় দিন। মা দুৰ্গাৰ তৃতীয় ৰূপটো হ’ল ‘চন্দ্ৰঘণ্টা’। দেৱীৰ শিৰত ঘণ্টাৰ আকাৰত অৰ্ধ চন্দ্ৰ শোভা কৰে সেয়েহে দেৱীক চন্দ্ৰঘণ্টা বোলা হয়। দেৱীৰ শৰীৰৰ বৰণ স্বৰ্ণৰ দৰে উজ্বল। দেৱী হ’ল দশভূজা। এই দেৱীৰ দহখন হাত খড়গ আদি নানা শস্ত্ৰেৰে আৰু বান আদি অস্ত্ৰেৰে বিভূষিত। দেৱীৰ বাহন সিংহ। নৱৰাত্ৰিৰ তৃতীয় দিনাখন দেৱী দুৰ্গাৰ এই চন্দ্ৰঘণ্টা ৰূপৰ পূজা অৰ্চনা কৰা হয়। দেৱীৰ কৃপাত সাধকৰ সমস্ত পাপ আৰু বাধা বিঘিনি দুৰ হয়।
অলৌকিক বস্তু দৰ্শন , দিব্য সুগন্ধিৰ অনুভৱ , আনকি নানা প্ৰকাৰৰ দিব্যধ্বনি হৃদয়ত শুনা যায়। দেৱীৰ এই ৰূপৰ পূজা-অৰ্চনাত ভক্ত অত্যন্ত সাৱধান হোৱা উচিত। দুষ্টৰ দমন আৰু বিনাশৰ কাৰণে সদা তৎপৰ হৈ থকা দেৱীৰ সন্মুখত ভক্ত সকলে যিমান পাৰে শান্ত আৰু সৌম্য ৰূপত দেৱীৰ আৰাধনা কৰা উচিত। দেৱী চন্দ্ৰঘণ্টাৰ উপাসক যি ঠাইত থাকে তাত মানুহে সুখ-শান্তি অনুভৱ কৰে। গতিকে মাতা চন্দ্ৰঘণ্টাৰ পূজা আৰাধনাই সংসাৰৰ সকলো দুখ-কষ্ট , আপদ-বিপদ দূৰ কৰি ভক্তগণক সুখে সন্তোষে ৰাখে। (সহায় লৈ)