কংগ্ৰেছৰ বিজ্ঞাপনৰ পৰা নোহোৱা হৈ গ’ল মৌলানা আবুল কালাম আজাদৰ ছবি। যাৰ বাবে কংগ্ৰেছ তীব্ৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে। শেষত পৰিস্থিতি চম্ভালিবলৈ দলৰ জ্যেষ্ঠ নেতা জয়ৰাম ৰমেশে বিষয়টোত হস্তক্ষেপ কৰিছে ৷ তেওঁ টুইট কৰি কয় যে এয়া ‘ক্ষমা কৰিব নোৱাৰা ভুল’ হৈছে। লগতে ভুলটো শুধৰণি কৰি গাফিলতিৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব বুলিও কয়।
দেওবাৰৰ পৰা আৰম্ভ হৈছে ৰায়পুৰত অনুষ্ঠিত কংগ্ৰেছৰ পূৰ্ণাংগ অধিৱেশন ৷ এই উপলক্ষে বিভিন্ন বাতৰি কাকতত এটা বিজ্ঞাপন প্ৰকাশ পাইছিল। বিজ্ঞাপনটোত কংগ্ৰেছৰ উত্তৰাধিকাৰ প্ৰকাশৰ বাবে প্ৰাক্তন কংগ্ৰেছ নেতা- প্ৰধানমন্ত্ৰীৰ ফটো প্ৰকাশ কৰা হৈছিল। মহাত্মা গান্ধীৰ লগতে জৱাহৰলাল নেহৰু, সুভাষ চন্দ্ৰ বসু, প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীকো বিজ্ঞাপনত দেখুওৱা হয়। বিজ্ঞাপনটোৰ তলত দলটোৰ বৰ্তমানৰ শীৰ্ষ নেতৃত্ব ক্ৰমে সভাপতি মল্লিকাৰ্জুন খাৰ্গে, প্ৰাক্তন দুগৰাকী সভাপতি ছোনিয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ ছবিও অন্তভূর্ক্ত কৰা হৈছে । কিন্তু দুবাৰৰ কংগ্ৰেছ সভাপতি আজাদৰ ছবি বিজ্ঞাপনত নাছিল।
এই বিজ্ঞাপন প্ৰকাশ পোৱাৰ পিছত সমগ্ৰ দেশতে সমালোচনা আৰম্ভ হৈছিল। এই সন্দৰ্ভত কংগ্ৰেছৰ ভিতৰৰ কেইবাজনো নেতাই ক্ষোভ প্ৰকাশ কৰে। কংগ্ৰেছক আক্ৰমণ কৰি বিজেপিয়ে কয়, “এয়া কংগ্ৰেছৰ দ্বিধাবোধৰ প্ৰমাণ।“ সমাজবাদী পাৰ্টিৰ দৰে দলেও কংগ্ৰেছক আক্ৰমণ কৰিবলৈ এৰি নিদিলে ৷ তেওঁলোকে দাবী কৰে যে কংগ্ৰেছে ভোটৰ স্বাৰ্থত ‘ইচ্ছাকৃত ভুল’ কৰিছে। কংগ্ৰেছ ত্যাগ কৰা গুলাম নবী আজাদে কয় যে কংগ্ৰেছৰ এই বিজেপি সদৃশ নীতিৰ বাবেই তেওঁ দল এৰিবলৈ বাধ্য হৈছিল।
ইতিহাসবিদৰ এটা অংশৰ মতে আজাদৰ অবিহনে দেশৰ স্বাধীনতা সংগ্ৰামৰ বৰ্ণনা সম্ভৱ নহয়। তেওঁ ব্ৰিটিছ বিৰোধী সংগ্ৰামত যোগদান কৰি দহ বছৰ কাৰাবাস খাটিছিল। ইতিহাসবিদ ইৰফান হাবিবৰ মতে দেশত হিন্দু-মুছলমান ঐক্যৰ বাবে অগ্ৰণী ভূমিকা গ্ৰহণ কৰা নেতাসকলৰ ভিতৰত আজাদ অন্যতম। স্বাধীন ভাৰতৰ প্ৰথম শিক্ষামন্ত্ৰী হিচাপেও তেওঁৰ কৃতিত্বৰ স্বাক্ষৰ আছে। একাংশই প্ৰশ্ন উত্থাপন কৰে যে কংগ্ৰেছে এই আজাদক পাহৰিব বিচাৰে নেকি !