মহাৰাষ্ট্ৰত উদ্ধৱ থাকৰে চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ আৰম্ভ কৰি গৰিষ্ঠসংখ্যক বিধায়কৰ সমর্থনত নতুন চৰকাৰ গঠন কৰিলে একনাথ ছিন্দেই ৷ ৰাজনীতিৰ সৈতে ঘটনাক্ৰমে জড়িত হৈ পৰা ছিন্দেই একালত অটো চলাই জীৱন নির্বাহ কৰাক লৈ শিৱসেনাৰ একাংশ বিধায়কে তুচছ্য তাচ্চিল্য কৰি আহিছে ৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী একনাথ ছিন্দেই এই বিধায়কসকলক উচিত প্ৰত্যুত্তৰ দি কয় যে অটোৰিক্সাই মার্চিডিছক পিছ পেলালে ৷ জীৱিকাৰ বাবে অটোৰিক্সা চলাই থকাৰ সময়ত তেওঁৰ অতীতৰ কথা উল্লেখ কৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ ছিন্দেই শিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰেক উদ্দ্যেশি এনেদৰে কয় ৷ মাৰাঠী ভাষাত টুইট কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে অটোৰিক্সাই মাৰ্চিডিজ (গাড়ী)ক পিছ পেলালে ৷ কাৰণ এইখন সাধাৰণ মানুহৰ চৰকাৰ।
যোৱা সপ্তাহত কমেও ৪০ জন বিধায়কৰ সৈতে শিৱসেনা নেতৃত্বৰ বিৰুদ্ধে ছিন্দেই বিসম্বাদৰ নেতৃত্ব দি থকাৰ সময়ত সেনাৰ একাংশ নেতাই “অটো ৰিক্সা চালক” বুলি তেওঁক ঠাট্টা কৰিছিল। উদ্ধৱ থাকৰেই আস্থা ভোটৰ সন্মুখীন নোহোৱাকৈ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ এদিন পিছতে বিজেপি নেতা দেৱেন্দ্ৰ ফাৰনাবিছক উপ-মুখ্যমন্ত্ৰী হিচাপে লৈ ৩০ জুনত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল একনাথ ছিন্দেই ৷