স্বাস্থ্যমন্ত্ৰীয়ে ক’ভিড প্ৰট’কল মানি চলিবলৈ আহ্বান জনোৱাৰ মাজতে ৰাহুল গান্ধীয়ে দেশৰ ৰাজধানীৰ ৰাজপথত পদযাত্ৰা কৰে ৷ আজি হাজাৰ হাজাৰ লোকে কংগ্ৰেছৰ ভাৰত জোৰো যাত্ৰাত যোগদান কৰে। জয়ৰাম ৰমেশ, পৱন খেৰা, ভূপিন্দৰ সিং হুদা, কুমাৰী চেলজা, ৰনদীপ সুৰজেৱালাকে ধৰি কেইবাজনো দলীয় নেতাই গান্ধীৰ সৈতে সমদল কৰা দেখা গৈছিল।
পিছত কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী ছোনিয়া গান্ধী আৰু দলৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়েও ৰাহুলৰ লগত যোগদান কৰে। দ্বিতীয়বাৰৰ বাবে এই যাত্ৰাত যোগদান কৰিলে ছোনিয়া গান্ধীয়ে। অক্টোবৰ মাহত কৰ্ণাটকত কংগ্ৰেছৰ মেগা মাৰ্চত তেওঁ অংশ লৈছিল।
আজি পুৱা ভাৰত জোৰো যাত্ৰাই ফৰিদাবাদৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰাৰ সময়তে দিল্লী কংগ্ৰেছৰ মুৰব্বী অনিল চৌধাৰীয়ে “ৰাহুল জিন্দাবাদ” ধ্বনিৰে বদৰপুৰ সীমান্তত গান্ধীৰ লগতে দলৰ অন্যান্য নেতা আৰু যাত্ৰীসকলক আদৰণি জনায়।দলীয় কৰ্মী আৰু নেতাসকলক সম্বোধন কৰি ৰাহুল গান্ধীয়ে পুনৰ কয় যে তেওঁৰ যাত্ৰাৰ উদ্দেশ্য আছিল ঘৃণাৰ বজাৰ’তপ্ৰেমৰ দোকান খোলা ৷
গান্ধীয়ে কয়-“দেশৰ সাধাৰণ জনতাই এতিয়া প্ৰেমৰ কথা কৈছে। প্ৰতিখন ৰাজ্যতে লাখ লাখ লোকে যাত্ৰাত যোগদান কৰিছে। মই আৰ এছ এছ আৰু বিজেপিৰ মানুহক কৈছো যে আমি ইয়াত আপোনাৰ ঘৃণাৰ ‘বজাৰ’ত প্ৰেমৰ দোকান খুলিবলৈ আহিছো। এই যাত্ৰাৰ উদ্দেশ্য হৈছে মানুহে ইজনে সিজনক সহায় কৰা “প্ৰকৃত হিন্দুস্তান” প্ৰদৰ্শন কৰা। তেওঁ কয় যে তেওঁলোকে (বিজেপি, আৰএছএছ) ঘৃণা বিয়পাইছিল, আমি (কংগ্ৰেছে) প্ৰেম বিয়পাইছিলো।’
ইয়াৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী মানসুখ মাণ্ডবিয়াই ৰাহুল গান্ধীলৈ পত্ৰ লিখি ভাৰত জোৰো যাত্ৰাৰ সময়ত ক’ভিড প্ৰট’কল যাতে মানি চলে সেয়া নিশ্চিত কৰিবলৈ অনুৰোধ জনায়। গান্ধীয়ে শেহতীয়াকৈ গুজৰাটত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰ্বাচনী প্ৰচাৰ আৰু ৰাজস্থানত বিজেপিৰ “জন আক্ৰোশ যাত্ৰা”ৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয়, “বিজেপিয়ে বিভিন্ন ৰাজ্য ভ্ৰমণ কৰি আছে। কিন্তু স্বাস্থ্যমন্ত্ৰীয়ে কেৱল আমালৈহে চিঠি প্ৰেৰণ কৰিছে।”কংগ্ৰেছে অভিযোগ কৰিছিল যে বিজেপিয়ে গান্ধীৰ যাত্ৰা বন্ধ কৰিব বিচাৰিছে কাৰণ ভাৰতে জোৰো যাত্ৰাৰ প্ৰতি ৰাইজৰ সহাঁৰি দেখি ভয় খাইছিল।
আজিৰ যাত্ৰা সন্ধিয়া লালকিল্লাত শেষ হ’ব। ১৬ ডিচেম্বৰত ১০০ দিন সম্পূৰ্ণ হোৱা কংগ্ৰেছৰ মেগা মাৰ্চত বছৰৰ শেষৰ ফালে ৯ দিনৰ বিৰতি লৈ ৩ জানুৱাৰীত দিল্লীৰ পৰা পুনৰ আৰম্ভ হ’ব। দিল্লী আৰক্ষীয়ে যাতায়তৰ পৰামৰ্শ জাৰি কৰি লোকসকলক কিছুমান পথ পৰিহাৰ কৰিবলৈ আৰু ৰাজহুৱা পৰিবহণৰ “সৰ্বাধিক ব্যৱহাৰ” কৰিবলৈ আহ্বান জনাইছে ৷ পৰামৰ্শ অনুসৰি বদৰপুৰৰ পৰা লালকিল্লালৈ প্ৰচণ্ড যানজট হোৱাৰ সম্ভাৱনা আছে।