একেৰাহে দ্বিতীয়বাৰৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে বুধবাৰে শপত গ্ৰহণ কৰে মাণিক সাহাই। আগৰতলাৰ স্বামী বিবেকানন্দ ময়দানত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বশৰ্মা, অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু, বিজেপিৰ সভাপতি জে পি নাড্ডাকে ধৰি বিজেপিৰ অন্যান্য শীৰ্ষ নেতাসকলে অংশগ্ৰহণ কৰে। অৱশ্যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে চিপিএম আৰু কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ‘সন্ত্ৰাস’ৰ অভিযোগ উত্থাপন কৰি শপতগ্ৰহণ বৰ্জন কৰে।
বুধবাৰে ৮জন বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ৷ বিধানসভা নিৰ্বাচনত বিজেপিৰ মিত্ৰ আইপিএফটিয়ে নিৰাশাজনক ফলাফল দিলেও বিজেপিয়ে তেওঁলোকৰ একমাত্ৰ বিধায়কক মন্ত্ৰীসভাত স্থান দিয়ে ৷ ইয়াৰ বাহিৰেও গেৰুৱা শিবিৰে বৰ্তমান কোনো বিধায়কক ৩ টা গুৰুত্বপূৰ্ণ কাৰ্যালয়ৰ দায়িত্ব দিব নিবিচাৰে। বিজেপিৰ এটা অংশই দাবী কৰিছে যে টিপ্ৰা মাথাৰ মুৰব্বী প্ৰদ্যোৎ মাণিক্য দেৱবৰ্মাৰ সৈতে মিত্ৰতাৰ চৰ্চা চলি আছে। যদিও প্ৰাৰম্ভিক পৰ্যায়ৰ আলোচনা ব্যৰ্থ হয়, তথাপিও ত্ৰিপুৰাৰ শাসকীয় দলটোৱে আশা কৰিছে যে জনজাতিসমূহৰ ‘মহাৰাজা’ই বিজেপিৰ সৈতে হাত মিলাই যাব। তেনে ক্ষেত্ৰত সেই ৩টা বিভাগৰ দায়িত্ব টিপৰা মাথালৈ যাব পাৰে।
আসন আৰু ভোটৰ হাৰ হ্ৰাস পোৱাৰ পাছতো ত্ৰিপুৰাত পুনৰ ৩২খন আসনেৰে ক্ষমতালৈ আহিছে বিজেপি। বিপ্লৱ দেৱক ২০১৮ চনত দীৰ্ঘদিনীয়া বাওঁপন্থী শাসনৰ অন্ত পেলাই বিজেপিয়ে মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিছিল। কিন্তু বিভিন্ন বিতৰ্কৰ সন্মুখত বিপ্লৱক অপসাৰণ কৰি নিৰ্বাচনৰ কেইমাহমান পূৰ্বে মাণিক সাহাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়। এইবাৰ ধনপুৰ সমষ্টিৰ পৰা বিজয়ী হোৱা দলটোৰ সাংসদ প্ৰতিমা ভৌমিকক মুখ্যমন্ত্ৰীৰ দায়োত্ব দিয়া হ’ব পাৰে বুলি বিজেপিৰ এক সূত্ৰই দাবী কৰিছিল। কিন্তু সোমবাৰে ৰাজ্যপালৰ ওচৰত চৰকাৰ গঠনৰ অনুৰোধ জনোৱাৰ পিছতে বিজেপিৰ শীৰ্ষ নেতৃত্বই কয় যে পুনৰবাৰ মাণিক সাহাক মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হ’ব ৷
এসময়ৰ যুদ্ধংদেহী দল চি পি এম আৰু কংগ্ৰেছে একত্ৰিত হৈ নিৰ্বাচনত যুঁজ দিছে। চিপিএমে ১১খন আসন, কংগ্ৰেছে ৩ খন আসন লাভ কৰে । ১৩খন আসনেৰে ৰাজ্যৰ দ্বিতীয় বৃহত্তম দল টিপ্ৰা মাথা। ত্ৰিপুৰাত বিজেপিৰ জয়ৰ আঁৰত বিৰোধী ভোটৰ ‘বিভাজন’ৰ বাবে বাওঁ আৰু কংগ্ৰেছ শিবিৰে দোষাৰোপ কৰে। নিৰ্বাচন শেষ হোৱাৰ পিছত বিজেপিয়ে দলীয় কৰ্মী আৰু সমৰ্থকক আক্ৰমণ কৰাৰ অভিযোগো উত্থাপন কৰে।