ৰাজ্যসভাৰ কংগ্ৰেছৰ সাংসদ কে চি বেনুগোপালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিৰুদ্ধে সংসদৰ বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ আনিছে। প্ৰধানমন্ত্ৰীয়ে গান্ধী-নেহৰু পৰিয়ালক লৈ অপমানজনক মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰে কেৰালাৰ কংগ্ৰেছ নেতাগৰাকীয়ে।
অভিযোগনামাৰ প্ৰস্তাৱত বেনুগোপালে দাবী কৰি কয় যে ফেব্ৰুৱাৰী মাহত দ্বিতীয় পৰ্যায়ৰ বাজেট অধিবেশনৰ সময়ত মোদীয়ে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীক লৈ আপত্তিজনক মন্তব্য কৰিছিল। প্ৰসংগক্ৰমে ১০ ফেব্ৰুৱাৰীত ৰাজ্যসভাত কংগ্ৰেছে মোদীৰ ‘ঘনিষ্ঠ’ উদ্যোগপতি গৌতম আদানীৰ বিৰুদ্ধে হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনত প্ৰৱঞ্চনাৰ অভিযোগ ভাষণত উত্থাপন কৰিছিল। সেই সময়ত মোদীয়ে প্রত্যাক্রমণ কৰি গান্ধী পৰিয়ালক আক্ৰমণ কৰিছিল ৷
ইয়াৰ উপৰিও মোদীয়ে ভাষণত দাবী কৰে যে নেহৰু আৰু ইন্দিৰাৰ কাৰ্যকালত ৯০ বাৰতকৈ অধিক ৩৫৬ অনুচ্ছেদ আৰোপ কৰি বিভিন্ন ৰাজ্য চৰকাৰ ভংগ কৰা হৈছিল। সেইদিনা কংগ্ৰেছে প্ৰধানমন্ত্ৰীৰ ‘অভিযোগ’ৰ প্ৰতি সঁহাৰি জনাই কয় যে ছোনিয়া-ৰাহুল-প্ৰিয়ংকাই নেহৰুৰ উপাধি ব্যৱহাৰ কৰাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাই। কাৰণ তেওঁলোকে নেহৰু-কন্যা ইন্দিৰাৰ স্বামী ফিৰোজ গান্ধীৰ উপাধি ব্যৱহাৰ কৰে। প্ৰসংগক্ৰমে বিগত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত সেই ৰাজ্যখনৰ শাসকীয় দল ভাৰত ৰাষ্ট্ৰ সমিতিয়ে তেলেংগানা ৰাজ্য সৃষ্টিৰ ক্ষেত্ৰত আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত সংসদত মোদীক অভিযোগনামা দাখিল কৰাৰ প্ৰস্তাৱ দাখিল কৰিছিল।