আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান পাৰ্টিৰ নতুন মোৰ। ভাৰতীয় মূলৰ উদ্যোগী বিবেক ৰামস্বামীয়ে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হোৱাৰ দৌৰত দ্বিতীয় স্থান লাভ কৰিছে। তেওঁৰ সৈতে আছে ফ্ল’ৰিডাৰ গৱৰ্ণৰ ৰন ডিছান্টিছ। নিৰ্বাচনৰ পূৰ্বে কৰা এক সমীক্ষাত দেখা গৈছে যে ডিছান্টিছ আৰু বিবেকৰ ৰিপাব্লিকান পাৰ্টিৰ সদস্যৰ সংখ্যা ১০ শতাংশ। অৱশ্যে ৰাষ্ট্ৰপতি পদৰ দৌৰত ৫৬ শতাংশ সমৰ্থনেৰে আগবাঢ়ি আছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে বিবেকৰ প্ৰতি ৰিপাব্লিকান দলৰ সমৰ্থন ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। নিৰ্বাচনৰ পূৰ্বৰ সমীক্ষা অনুসৰি তেওঁৰ সমৰ্থন কমেও ৮ শতাংশ বৃদ্ধি পাইছে। যোৱা জুন মাহত ৰিপাব্লিকানসকলৰ মাত্ৰ ২ শতাংশইহে বিবেকক সমৰ্থন কৰিছিল। সেই সময়ত ডিছান্টিছৰ ২১ শতাংশ সমৰ্থক আছিল। কিন্তু এতিয়া এই সমর্থকৰ সংখ্যা ১০ শতাংশলৈ হ্ৰাস পাইছে। বিবেকৰ প্ৰতি সমৰ্থন বৃদ্ধিৰ অন্যতম কাৰণ হৈছে ৰিপাব্লিকান দলৰ নৱ প্ৰজন্মৰ সমর্থক । তাৎপৰ্যপূৰ্ণভাৱে ৰিপাব্লিকান সমৰ্থকৰ মাজৰ উচ্চ শিক্ষিত যুৱক-যুৱতীসকলৰ সমর্থন লাভ কৰিছে বিবেকে ৷ তেওঁৰ ৰাজনৈতিক উত্থানৰ আঁৰত আছে আমেৰিকাত বাস কৰা ভাৰতীয় মূলৰ এটা শ্ৰেণীৰ প্ৰভাৱ আৰু প্ৰচাৰ। বহুতে বিশ্বাস কৰে যে ভাৰতীয় মূলৰ এই উদ্যোগীজনে অতি সোনকালে ডিছাণ্টিছক অতিক্ৰম কৰিব পাৰিব ৷ কাৰণ ৰিপাব্লিকান পাৰ্টিৰ কনিষ্ঠ সমৰ্থকসকলে তেওঁক সমৰ্থন কৰিছে। অৱশ্যে ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’বলৈ তেওঁ এতিয়াও বহু দূৰ বাকী আছে।