কাইলৈৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব কম্পিউটাৰ/দক্ষতা পৰীক্ষা ৷ সেই সন্দৰ্ভত আজি জনতা ভৱনত অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক আলোচনাত মিলিত হয় অসমৰ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মা ৷
অসম চৰকাৰৰ তৃতীয় বৰ্গৰ খালী পদসমূহ পূৰণৰ বাবে কাইলৈৰ পৰা ২৯ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া কম্পিউটাৰ/দক্ষতা পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয় মুখ্যমন্ত্রীগৰাকী।
উল্লেখযোগ্য যে উক্ত বৈঠকত এই পৰীক্ষা প্ৰক্ৰিয়াৰ স্বচ্ছ পৰিচালনাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰে অসমৰ মুখ্যমন্ত্রী ড°হিমন্ত বিশ্ব শৰ্মাই ।