শিৱসেনাৰ একনাথ ছিন্দে শিবিৰৰ ২২ জন বিধায়ক আৰু ৯ জন সাংসদে বিজেপিৰ আচৰণত ক্ষুব্ধ হৈ শিৱিৰ ত্যাগ কৰিব বিচাৰিছে। এই দাবী শিৱসেনাৰ উদ্ধৱ শিবিৰৰ মুখপত্ৰ ‘সামনা’ত ছপা ৰূপত প্ৰকাশ কৰা হৈছে। মহাবিকাশ আঘাড়ীয়ে মিত্ৰতা ভংগ কৰি বিজেপিৰ লগত মিত্ৰতা কৰিছিল যদিও জনপ্ৰতিনিধিয়ে সমষ্টিটোৰ বাবে একো কৰিব পৰা নাই বুলি উল্লেখ কৰা হৈছে । বিজেপিৰ সৈতে মিত্ৰতাৰ বাপাছত তেওঁলোকৰ অৱস্থা শ্বাসৰুদ্ধকৰ বুলিও দাবী কৰা হৈছে।
ইতিমধ্যে মহাৰাষ্ট্ৰত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হোৱাৰ লক্ষণ দেখা গৈছিল। যেতিয়া এন চি পি নেতা অজিত পাৱাৰৰ আন্দোলনক লৈ প্ৰশ্ন উত্থাপন হৈছিল। কিন্তু শাৰদ পাৱাৰৰ ‘মাষ্টাৰষ্ট্ৰ’ক’ত বিফল হ’ল অজিত। এইবাৰ আকৌ মহাৰাষ্ট্ৰত ৰাজনৈতিক অস্থিৰতাৰ ইংগিত দিয়া হৈছে । শিৱসেনাৰ উদ্ধৱ শিবিৰৰ মুখপত্ৰই লিখা হৈছে এইদৰে – “একনাথ ছিন্দেই যিসকলক লগত লৈ বিজেপিৰ সৈতে চৰকাৰ গঠন কৰিছিল তেওঁলোকৰ এক বৃহৎ অংশই ধৈৰ্য্য হেৰুৱাই পেলাইছে। বিজেপিৰ লগত মিত্ৰতাৰ পাছত তেওঁলোক শ্বাসৰুদ্ধ হৈ পৰিছে। ২২ জন বিধায়ক আৰু ৯ জন সাংসদে ছিন্দে শিবিৰত থাকিব নিবিচাৰে ৷আটাইকেইজন বিজেপিৰ আচৰণত বিৰক্ত হৈ দল ত্যাগ কৰাৰ চিন্তা কৰিছে।“
শেহতীয়াকৈ ‘বিদ্ৰোহী’ তথা শিৱসেনাৰ প্ৰবীণ নেতা গজনন কীৰ্তিকাৰৰ কিছু মন্তব্যও সোমবাৰে উত্থাপন কৰা হয়। য’ত গজাননে স্পষ্টকৈ কৈছিল, বিজেপিৰ ব্যৱহাৰত তেওঁলোক বিচলিত।
‘সামনা’ত লিখা হৈছে , “আত্মসন্মান আৰু মৰ্যাদা টকাৰে কিনিব নোৱাৰি। আকৌ এবাৰ প্ৰমাণিত হ’ল। কীৰ্তিকাৰৰ দাবী যে তেওঁৰ দলে লোকসভাৰ ২২খন আসনত যুঁজিব বিচাৰে। অৰ্থাৎ বিজেপিৰ পৰাও আসন দাবী কৰিছে। কিন্তু বিজেপিয়ে তেওঁলোকক পাঁচৰ পৰা সাতখনতকৈ অধিক আসন দিবলৈ ইচ্ছুক নহয়।“
মহাৰাষ্ট্ৰৰ ৰাজনীতিয়ে নতুন ৰূপ ল’বলৈ ওলাইছে নেকি? ৰাজনৈতিক পৰ্যবেক্ষকসকলে অৱশ্যে দাবী কৰিছে যে লোকসভা নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে সংঘাত তীব্ৰতৰ হৈ পৰিব। এতিয়া প্ৰশ্ন হয় উদ্ধৱ শিবিৰে বিজেপি বনাম ছিন্দে শিবিৰত আঘাত হানিব পাৰিবনে ?