প্ৰসংগক্ৰমে হনুমান জয়ন্তী আৰু বিজেপিৰ প্ৰতিষ্ঠা দিৱস এইবাৰ একেটা দিনতে পৰিছে । আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেই সংমিশ্ৰণক আহিলা হিচাপে ব্যৱহাৰ কৰা দেখা গ’ল । বৃহস্পতিবাৰে দলৰ প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীয়ে পৱনপুত্ৰ হনুমানৰ দৰে শক্তিশালী হাতেৰে অসুৰক দমন কৰিবলৈ দলৰ নেতা-কৰ্মীক আহ্বান জনায়!
বৃহস্পতিবাৰে সংসদৰ বালযোগী থিয়েটাৰত বিজেপিৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে দলৰ সভাপতি জে পি নাড্ডাকে ধৰি সকলো শীৰ্ষ নেতা। ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে বিজেপিৰ নেতা-কৰ্মীসকলৰ আগত মোডীৰ ভাষণ শুনাৰ ব্যৱস্থা কৰা হৈছিল। তাত হনুমানৰ ৰামভক্তিৰ উপৰিও মোদীয়ে ‘লংকা কাণ্ড’ৰ উদাহৰণো উল্লেখ কৰে। তেওঁ কয়- “হনুমানে অসুৰৰ সৈতে মোকাবিলা কৰাৰ সময়ত যি মানসিক প্ৰস্তুতি দেখুৱাইছিল, সেই মানসিক প্ৰস্তুতিও আপোনালোকৰ হ’ব লাগে। ভাৰত মাতাক মুক্তি দিব লাগিব।“
মোদীয়ে দাবী কৰে যে বিগত ৪৩ বছৰত বিজেপিৰ নেতা-কৰ্মীৰ অক্লান্ত পৰিশ্ৰমৰ বাবে আজি দলটো সফল হৈছে। ইয়াৰ পিছত তেওঁ কয় , “এয়া ইয়াতেই থমকি নাযায়। আমি আৰু আগবাঢ়িব লাগিব। আপোনাৰ ডাঙৰ সপোন দেখাৰ ক্ষমতা আছে আৰু সেই সপোন পূৰণ কৰাৰ ক্ষমতা আছে। দেশৰ জনসাধাৰণে ২০১৪ চনত ইতিহাস ৰচনা কৰিছিল। সেই ধাৰাবাহিকতা বজাই ৰাখিব লাগে। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক কোনেও পৰাস্ত কৰিব নোৱাৰে। কিন্তু আমি আমাৰ দেশৰ প্ৰতিজন নাগৰিকৰ হৃদয় জয় কৰিব লাগিব।“ ইয়াৰ লগতে কংগ্ৰেছক আক্ৰমণ কৰি প্ৰধানমন্ত্ৰীয়ে কয়, “১৯৪৭ চনত ব্ৰিটিছে ভাৰত এৰিলেও তেওঁলোকৰ দাসত্বৰ মানসিকতাৰ অন্ত পৰা নাছিল। “ৰজাৰ” মানসিকতা আৰু জনসাধাৰণৰ সমস্যাক আওকাণ কৰি আহিছে ৷”
তাৎপৰ্যপূৰ্ণভাৱে মোদীয়ে জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বাতিলৰ কথা উল্লেখ কৰি তেওঁৰ চৰকাৰৰ সাফল্যৰ বাখ্যা আগবঢ়ায় ৷
ইতিহাসে কৈছে যে ১৯৮০ চনত জনসংঘৰ পৰা জন্ম হোৱা বিজেপিৰ উত্থান এদিনতে হোৱা নাছিল। অটল বিহাৰী বাজপেয়ী, এল কে আদৱানীৰ সংগ্ৰাম দীঘলীয়া আছিল। ৰাজনৈতিক বিশ্লেষকসকলে কয় যে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আজি কেন্দ্ৰত ক্ষমতাত আছে ৷ বিজেপিয়ে ১৭খন ৰাজ্যত একক বা মিত্ৰতাৰে চৰকাৰ চলাই আছে। ৪৩ বছৰীয়া এই যাত্ৰাত বিজেপিৰ ব্যৰ্থতাৰ নজিৰ কম নহয়। ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত পদ্ম শিবিৰে মাত্ৰ ২ খন আসন লাভ কৰিছিল। পুনৰ দুবাৰকৈ মিত্ৰজোঁট গঠন কৰি ক্ষমতালৈ আহিছিল যদিও চৰকাৰখন পূৰ্ণকালীনভাৱে ৰাখিব পৰা নাছিল। প্ৰথমবাৰৰ বাবে ১৩ দিন আৰু দ্বিতীয়বাৰৰ বাবে ১৩ মাহৰ পিছত বাজপেয়ী চৰকাৰৰ পতন ঘটে। পিছলৈ অৱশ্যে বিজেপিয়েও পাঁচ বছৰ চৰকাৰ চলাবলৈ সক্ষম হয় ৷
কিন্তু ২০০৪ চনৰ পিছত বিজেপিয়ে পুনৰ ক্ষমতাৰ পৰা আঁতৰি থাকিব লগা হ’ল একেৰাহে ১০ বছৰ। ২০১৪ চনৰ পিছত সেই ছবিখন পুনৰ সলনি হ’ল। এইবাৰ ২০২৪ চনৰ লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ লক্ষ্য লৈছে মোদীয়ে। পদ্ম-শিবীয়ে দলৰ ৪৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ পৰাই আনুষ্ঠানিকভাৱে লোকসভা নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে। দেশৰ ১০ লাখ ঠাইত দলৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ শুনাৰ ব্যৱস্থা কৰা হৈছে। লক্ষ্য হৈছে মোদীৰ বাৰ্তা অধিক সংখ্যক লোকৰ মাজত প্ৰচাৰ কৰা আৰু জনসাধাৰণৰ ভিত্তি বৃদ্ধি কৰা।