পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক শনিবাৰে ইছলামবাদৰ এখন বিশেষ আদালতে টোছাখানা গোচৰত তিনি বছৰৰ কাৰাদণ্ড বিহে ৷পাকিস্তানৰ নিৰ্বাচন আয়োগে মঙলবাৰে আনুষ্ঠানিকভাৱে ঘোষণা কৰে যে পাকিস্তান তেহৰিক-ই-ইনছাফৰ অধ্যক্ষ ইমৰান খানে অহা পাঁচ বছৰলৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাকে ধৰি কোনো ৰাজনৈতিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব নোৱাৰিব। আনকি, পিটিআইৰ শীৰ্ষ পদত তেওঁ অধিষ্ঠিত হৈ থকাকলৈয়ো অনিশ্চয়তাৰ সৃষ্টি হৈছে ৷
ইছলামবাদ আদালতে শাস্তি ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে পঞ্জাৱ প্ৰদেশৰ ৰাজধানী লাহোৰৰ জামান পাৰ্ক অঞ্চলৰ নিজৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় ইমৰাণ খানক। বৰ্তমান তেওঁৰ ঠিকনা পাক পঞ্জাৱৰ এট’ক জেল। পাকিস্তানৰ বিখ্যাত ৰাজনীতিবিদসকলক এসময়ত তাত বন্দী কৰা ৰখা হৈছিল। এসময়ত দুৰ্নীতিৰ দোষী সাব্যস্ত হোৱাৰ পিছত প্ৰাক্তন ৰাষ্ট্ৰপতি আছিফ আলী জাৰ্দাৰীক আটক দুৰ্গত কাৰাবন্দী কৰি ৰখা হৈছিল। পাকিস্তানৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ১৯৯৯ চনত পঞ্জাৱৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তে আটক দুৰ্গত কাৰাবন্দী হৈছিল, দুৰ্নীতিৰ বাবে। সেই দৃষ্টিকোণৰ পৰা ইমৰাণ দেশৰ প্ৰথমজন প্ৰাক্তন প্ৰধানমন্ত্ৰী, যাক আটক জেলত ৰখা হৈছে।
তিনি বছৰৰ কাৰাদণ্ডৰ উপৰি ইমৰাণক এক লাখ টকা জৰিমনাও বিহা হৈছিল। এইবাৰ পাকিস্তানত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হ’ব। বিভিন্ন মতামত সমীক্ষাত দেখা গ’ল যে মুছলিম লীগ নৱাজ-পাকিস্তান পিপলছ পাৰ্টিৰ মিত্ৰজোঁটৰ চৰকাৰৰ দিনত আৰ্থিক অৱস্থাৰ দুৰ্বলতাৰ বাবে ইমৰাণৰ জনপ্ৰিয়তা পুনৰ বৃদ্ধি পাইছে। কিন্তু নিৰ্বাচনৰ পূৰ্বে নিৰ্বাচন আয়োগৰ এই নিষেধাজ্ঞাই পাকিস্তান ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীৰ ‘প্ৰত্যাৱৰ্তন’ কাৰ্যতঃ অসম্ভৱ কৰি তুলিলে ৷
আটক জেল অধীক্ষক আৰু পঞ্জাৱৰ অতিৰিক্ত গৃহ সচিবক আনুষ্ঠানিকভাৱে আবেদন জনোৱাৰ পিছতো ইমৰাণ খানৰ অধিবক্তাক তেওঁক সাক্ষাৎ কৰিবলৈ দিয়া হোৱা নাই বুলি অভিযোগ উত্থাপন কৰিছে পিটিআইয়ে। ফলত উচ্চ ন্যায়ালয়লৈ যাবলৈ প্ৰয়োজনীয় নথি-পত্ৰত তেওঁৰ স্বাক্ষৰ কৰিব পৰা নাই । ৯ মে’ত দুৰ্নীতিৰ গোচৰত ইমৰানক গ্ৰেপ্তাৰ হোৱাৰ পিছত তেওঁৰ দলৰ প্ৰতিবাদী কাৰ্যসূচীত অশান্তিৰ সৃষ্টি হৈছে । চৰকাৰী সম্পত্তি ভাঙি পেলোৱাৰ লগতে সেনাৰ কীৰ্তিচিহ্নত আক্ৰমণৰ অভিযোগো উত্থাপন হৈছিল। এইবাৰ অৱশ্যে আইন-শৃংখলাৰ পৰিস্থিতিৰ অৱনতি ঘটা নাছিল।