বুধবাৰে সংসদত নীলা জেকেট পৰিধান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। কাৰণ, সেই জেকেটটো পুনঃব্যৱহৃত প্লাষ্টিকৰ দ্বাৰা নির্মাণ কৰা হৈছিল । কিন্তু মোদীৰ জেকেটক লৈ নহয়, সংসদত বিতর্কৰ সূচনা হ’ল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই পৰিধান কৰা এখন স্কার্ফক লৈহে ৷ কংগ্ৰেছৰ সভাপতি আৰু ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেই আনদিনাৰ দৰে বগা ৰঙৰ পাঞ্জাবী-ধূতি পৰিধান কৰিছিল । পাঞ্জাবীৰ ওপৰত ক’লা জেকেট। বিৰোধীৰ জ্যেষ্ঠ নেতা গৰাকীক সাধাৰণতে এই সাজ-পোছাক পিন্ধা দেখাত সকলোৱে অভ্যস্ত। কিন্তু তাৰ ডিঙিত ওলমি আছিল ঘিউ ৰঙৰ এখন স্কার্ফ। ই বহুজাতিক আৰু বিলাসী কাপোৰ নিৰ্মাণ কোম্পানী লুই ভিটনৰ বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যাৰ আনুমানিক মূল্য ৫৬ হাজাৰ টকাৰো অধিক।
বুধবাৰে সংসদত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ পূৰ্বে খাৰ্গেই কোটিপতি গৌতম আদানীৰ ব্যৱসায়িক খেলিমেলিক লৈ তদন্তৰ দাবীত যুটীয়া সংসদীয় সমিতি গঠনৰ বাবে দাবী জনায় ৷ ইয়াৰ পিছতে উত্তৰ প্ৰদান কৰি বিজেপিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱালেও প্ৰত্যুত্তৰ প্ৰদান কৰি খার্গেই পৰিধান কৰা স্কার্ফক লৈ সৰৱ হৈ পৰে ৷ তেওঁ কয়, “খাৰ্গে আজি লুই ভিটনৰ স্কার্ফ পৰিধান কৰিছে ৷ ইয়াক লৈ এখন যৌথ সমিতি গঠন কৰিব লাগেনে? কোনে দিলে আৰু কিমান খৰচ হ’ল?” ছ’চিয়েল মিডিয়াতো ইয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। স্কার্ফখনৰ মূল্যই বহুতৰে চকু কপালত তুলিছে।
বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই বুধবাৰে টুইটাৰত এই ভিডিঅ’টো পোষ্ট কৰি খার্গেৰ স্কার্ফ আৰু প্ৰধানমন্ত্ৰী মোডীৰ পুনঃব্যৱহৃত প্লাষ্টিকৰ জেকেটৰ মাজত তুলনা কৰে। তেওঁ কয় “প্ৰধানমন্ত্ৰী মোদীয়ে পৰিৱেশ সুৰক্ষাৰ বাৰ্তা কঢ়িয়াই নিয়াৰ সময়ত খাৰ্গে পৰিধান কৰিছিল দামী স্কার্ফ ৷ সকলোৰে নিজৰ নিজৰ পছন্দ থাকে। তেওঁলোকৰ বাৰ্তা বেলেগ বেলেগ। মই বিচাৰ কৰা নাই। মানুহে কৰিব ৷ যদি তেওঁলোকে (কংগ্ৰেছ পঢ়ক) লুই ভিটন নৰ্দাৰ্ণ বা অন্যান্য দামী ব্ৰেণ্ডৰ কাপোৰ পিন্ধি দৰিদ্ৰতাৰ কথা কয়, তেন্তে কোনো সমস্যা নাই। ই তেওঁলোকৰ মানসিকতা।”