VOICE 24x7
Tuesday, March 21, 2023
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মোদীৰ পুনঃব্যৱহৃত প্লাষ্টিকৰ জেকেট নহয়, বিৰোধী নেতাৰ মল্লিকার্জুন খার্গেই পৰিধান কৰা স্কার্ফক লৈ সদনত বিতর্ক, দাম শুনিলে আপুনিও হ’ব আচৰিত

ভয়ছ ষ্টাফ by ভয়ছ ষ্টাফ
February 9, 2023
in ৰাজনীতি
মোদীৰ পুনঃব্যৱহৃত প্লাষ্টিকৰ জেকেট নহয়, বিৰোধী নেতাৰ মল্লিকার্জুন খার্গেই পৰিধান কৰা স্কার্ফক লৈ সদনত বিতর্ক, দাম শুনিলে আপুনিও হ’ব আচৰিত
0
SHARES
9
VIEWS
Share on FacebookShare on Twitter

 

বুধবাৰে সংসদত নীলা জেকেট পৰিধান কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। কাৰণ, সেই জেকেটটো পুনঃব্যৱহৃত প্লাষ্টিকৰ দ্বাৰা নির্মাণ কৰা হৈছিল । কিন্তু মোদীৰ জেকেটক লৈ নহয়, সংসদত বিতর্কৰ সূচনা হ’ল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেই পৰিধান কৰা এখন স্কার্ফক লৈহে ৷  কংগ্ৰেছৰ সভাপতি আৰু ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেই আনদিনাৰ দৰে বগা ৰঙৰ পাঞ্জাবী-ধূতি পৰিধান কৰিছিল । পাঞ্জাবীৰ ওপৰত ক’লা জেকেট।  বিৰোধীৰ জ্যেষ্ঠ নেতা গৰাকীক সাধাৰণতে এই সাজ-পোছাক পিন্ধা দেখাত সকলোৱে অভ্যস্ত। কিন্তু তাৰ ডিঙিত ওলমি আছিল ঘিউ ৰঙৰ এখন স্কার্ফ। ই বহুজাতিক আৰু বিলাসী কাপোৰ নিৰ্মাণ কোম্পানী লুই ভিটনৰ বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। যাৰ আনুমানিক মূল্য ৫৬ হাজাৰ টকাৰো অধিক।

 

বুধবাৰে সংসদত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া ভাষণৰ পূৰ্বে খাৰ্গেই কোটিপতি গৌতম আদানীৰ  ব্যৱসায়িক খেলিমেলিক লৈ তদন্তৰ দাবীত যুটীয়া সংসদীয় সমিতি গঠনৰ বাবে দাবী জনায় ৷  ইয়াৰ পিছতে উত্তৰ প্ৰদান কৰি  বিজেপিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পীযুষ গোৱালেও প্ৰত্যুত্তৰ প্ৰদান কৰি খার্গেই পৰিধান কৰা স্কার্ফক লৈ সৰৱ হৈ পৰে ৷  তেওঁ কয়, “খাৰ্গে আজি লুই ভিটনৰ স্কার্ফ পৰিধান কৰিছে ৷ ইয়াক লৈ  এখন যৌথ সমিতি গঠন কৰিব লাগেনে? কোনে দিলে আৰু কিমান খৰচ হ’ল?” ছ’চিয়েল মিডিয়াতো  ইয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। স্কার্ফখনৰ মূল্যই বহুতৰে চকু কপালত তুলিছে।

 

বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই বুধবাৰে টুইটাৰত এই ভিডিঅ’টো পোষ্ট কৰি খার্গেৰ স্কার্ফ আৰু প্ৰধানমন্ত্ৰী মোডীৰ পুনঃব্যৱহৃত প্লাষ্টিকৰ জেকেটৰ মাজত তুলনা কৰে। তেওঁ কয় “প্ৰধানমন্ত্ৰী মোদীয়ে পৰিৱেশ সুৰক্ষাৰ বাৰ্তা কঢ়িয়াই নিয়াৰ সময়ত খাৰ্গে পৰিধান কৰিছিল দামী স্কার্ফ ৷ সকলোৰে নিজৰ নিজৰ পছন্দ থাকে। তেওঁলোকৰ বাৰ্তা বেলেগ বেলেগ। মই বিচাৰ কৰা নাই। মানুহে কৰিব ৷ যদি তেওঁলোকে (কংগ্ৰেছ পঢ়ক) লুই ভিটন নৰ্দাৰ্ণ বা অন্যান্য দামী ব্ৰেণ্ডৰ কাপোৰ পিন্ধি দৰিদ্ৰতাৰ কথা কয়, তেন্তে কোনো সমস্যা নাই। ই তেওঁলোকৰ মানসিকতা।”

 

Previous Post

কলিয়াবৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৌজন্যমূলক বাৰ্তালাপ সম্পন্ন

Next Post

টেষ্টৰ পূর্বে বিতৰ্কত ভাৰতীয় ক্ৰিকেট! নিয়ম ভংগ কৰি টেষ্ট দললৈ আদৰি সূর্যকুমাৰক টুপী প্ৰদান কৰিলে দলৰ বাহিৰৰ ব্যক্তিয়ে

Related Posts

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই  “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন
ৰাজনীতি

আদানিৰ বিৰুদ্ধে মাত মতাৰ বাবেই “হাৰাশাস্তি” নেকি ? দিল্লী আৰক্ষীক ৰাহুলৰ প্ৰশ্ন

March 20, 2023
মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ  প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!
ৰাজনীতি

মোদীৰ বিৰুদ্ধে বিশেষাধিকাৰ ভংগ কৰাৰ প্ৰস্তাৱ কংগ্ৰেছৰ! কি অভিযোগ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে !!

March 17, 2023
ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ
আইন

ডিলিমিটেচনলৈ প্ৰত্যাহ্বান? জিলা বিলুপ্তিকৰণক লৈ আদালতৰ প্ৰশ্নৰ সন্মুখীন চৰকাৰ : ৪ সপ্তাহৰ ভিতৰত কাৰণ দৰ্শোৱাৰ জাননী হাইকোৰ্টৰ

March 15, 2023
ৰাজনৈতিক সমীকৰণঃ দেশৰ সমূহ বিদ্যালয়ৰ শিক্ষার্থীলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিব পত্ৰ
ৰাজনীতি

ৰাজনৈতিক সমীকৰণঃ দেশৰ সমূহ বিদ্যালয়ৰ শিক্ষার্থীলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰেৰণ কৰিব পত্ৰ

March 9, 2023
প্ৰধানমন্ত্ৰী মোদী –গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ
ৰাজনীতি

প্ৰধানমন্ত্ৰী মোদী –গৃহমন্ত্ৰী শ্বাহৰ উপস্থিতিত দ্বিতীয় কাৰ্যকালৰ বাবে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ মাণিক সাহাৰ

March 8, 2023
কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা
ৰাজনীতি

কংগ্ৰেছে পাহৰিলে আবুল কালাম আজাদক, বিজ্ঞাপনত নিদিলে আজাদক স্থানঃ দেশজুৰি প্ৰতিক্ৰিয়াত বিচাৰিলে ক্ষমা

February 27, 2023
Next Post
টেষ্টৰ পূর্বে বিতৰ্কত ভাৰতীয় ক্ৰিকেট! নিয়ম ভংগ কৰি টেষ্ট দললৈ আদৰি সূর্যকুমাৰক টুপী প্ৰদান কৰিলে দলৰ বাহিৰৰ ব্যক্তিয়ে

টেষ্টৰ পূর্বে বিতৰ্কত ভাৰতীয় ক্ৰিকেট! নিয়ম ভংগ কৰি টেষ্ট দললৈ আদৰি সূর্যকুমাৰক টুপী প্ৰদান কৰিলে দলৰ বাহিৰৰ ব্যক্তিয়ে

No Result
View All Result
  • সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    সম্পৰ্কত বন্ধুত্বৰ ভূমিকা

    0 shares
    Share 0 Tweet 0
  • অসমীয়া সংস্কৃতিত গহনা -গাঁঠৰি

    0 shares
    Share 0 Tweet 0
  • বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

    0 shares
    Share 0 Tweet 0
  • এটি কলি দুটি পাত

    0 shares
    Share 0 Tweet 0
  • শেৱালি ফুল আৰু পাতৰ ঔষধি গুণঃ জানিবলৈ পঢ়ক এই তথ্য

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

আমাজনেও লৈছে ব্যয় সংকোচনৰ নীতিঃ ৯ হাজাৰতকৈ অধিক কর্মচাৰীক কৰিব চাটাই

March 21, 2023
নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

নাজানে এজনে আনজনৰ ভাষা, তৎসত্বেও বান্ধ খাই পৰিল প্ৰেমিক যুগলঃ কেনেকৈ বুজি পায় এজনে আনজনৰ বার্তা !

March 21, 2023
ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

ৰাজস্থানত হৰিণ হত্যা কৰি ৰান্ধি খালে চোৰাং চিকাৰীয়েঃ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’, তীব্ৰ প্ৰতিক্ৰিয়া

March 21, 2023
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7