উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনৰ লগতে আন তিনিখন ৰাজ্যত চমকপ্ৰদ বিজয়ৰ পাছত বিজেপিৰ পৰৱর্তী লক্ষ্য হৈছে গুজৰাট ৷ পাচ ৰাজ্যৰ ফলাফল ঘোষণাৰ এদিন পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিৰ্বাচনমুখী ৰাজ্য গুজৰাটত বজালে নির্বাচনী ৰনশিঙা ৷ এক বিশাল ৰোড শ্ব’ৰে প্ৰধানমন্ত্ৰীয়ে গুজৰাটত চমক সৃষ্টি কৰে ৷ । প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দুদিনীয়া ভ্ৰমণসূচীৰে আজি তেওঁৰ গৃহ ৰাজ্যত উপস্থিত হৈছে । তেওঁ আজি সন্ধিয়া গুজৰাট পঞ্চায়ত মহাসন্মিলনত ভাষণ প্ৰদান কৰিব ৷ য’ত ৰাজ্যখনৰ পঞ্চায়ত সমূহৰ এক লাখতকৈও অধিক প্ৰতিনিধি উপস্থিত থাকিব।
আজি গুজৰাটত উপস্থিত হোৱাৰ পাছতে তেওঁ ফুলেৰে সজোৱা এখন খোলা জীপত উঠি বিমানবন্দৰৰ পৰা গান্ধীনগৰত বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় কমলামলৈ তেওঁ ৰোড শ্ব’ কৰে ৷ ৰাস্তাৰ কাষত সমবেত হোৱা শ শ সমৰ্থক আৰু গুণমুগ্ধলৈ হাত জোকাৰি মোদীয়ে অভিবাদন জ্ঞাপন কৰে ৷ । গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল আৰু ৰাজ্যিক বিজেপিৰ সভাপতি চি আৰ পাটিল প্ৰধানমন্ত্ৰী মোডীৰ সৈতে ৰোড শ্ব’ত উপস্থিত থাকে ৷ গুজৰাটত বিধানসভা নিৰ্বাচন এই বছৰৰ শেষভাগত অনুষ্ঠিত হ’ব ৷ কাইলৈ প্ৰধানমন্ত্ৰীয়ে পুৱা ১১ বজাত ৰাষ্ট্ৰীয় ৰক্ষা বিশ্ববিদ্যালয়ৰ (আৰআৰইউ) ভৱন মুকলি কৰিব ৷ মুখ্য অতিথি হিচাপে আৰআৰইউৰ প্ৰথম সমাৱৰ্তন তেওঁ ভাষণ প্ৰদান কৰিব। ১২ মাৰ্চৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত তেওঁ ১১ তম খেল মহাকুম্ভ মুকলি কৰাৰ লগতে অনুষ্ঠানটোত ভাষণ প্ৰদান কৰিব ৷