ক্ৰমাৎ শক্তি বাঢ়িছে মহাৰাষ্ট্ৰৰ বিদ্ৰোহী নেতা একনাথ ছিন্দেৰ ৷ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত বাহৰ পাতি থকা ছিন্দেৰ পক্ষত অধিক বিধায়কে সমর্থন প্ৰদান কৰা বুলি জানিব পৰা গৈছে ৷ ইয়াৰ লগে লগে উদ্ধৱ থাকৰেই মুখ্যমন্ত্ৰীৰ পদ এৰাৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি পাইছে ৷ জানিব পৰা মতে প্ৰায় ৪২ জন বিধায়কৰ সৈতে গুৱাহাটীত বাহৰ পাতি আছে ৷
আজি পুৱা তিনিজন শিৱ সেনা বিধায়ক – দীপক কেছাকাৰ (সাৱন্তৱাড়ীৰ বিধায়ক), মংগেশ কুদলকাৰ (চেম্বুৰ) আৰু সদা সৰ্বাংকৰ (দাদাৰ)-এ বিদ্ৰোহীৰ শিবিৰত যোগ দিয়ে ৷ । ইয়াৰ বিপৰীতে উদ্ধৱ থাকৰেই আহ্বান কৰা এখন সভাত মাত্ৰ ১৩ জন বিধায়কহে উপস্থিত আছিল বুলি জানিব পৰা গৈছে ৷ আজি ৪২ জন বিধায়কসহ নতুন এটা ভিডিঅ’ টুইট কৰিছে একনাথ ছিন্দেই ৷ গুৱাহাটীৰ ৰেডিছন ব্লু হোটেলত একেলগে দেখা পোৱা মহাৰাষ্ট্ৰৰ ৪২ জন বিদ্ৰোহী বিধায়কৰ ভিতৰত আছে শিৱসেনাৰ ৩৫ জন আৰু ৭ জন নিৰ্দলীয় বিধায়ক ৷
অৱশ্যে শিৱসেনাৰ নেতা সঞ্জয় ৰাউটে বিধায়কসকলক ভাবুকি দি চুৰাটৰ পৰা গুৱাহাটীলৈ অনাৰ অভিযোগ উত্থাপন কৰে। ‘যিসকল গুচি গ’ল তেওঁলোক শিৱসেনা নহয়। প্ৰকৃত শিৱসেনা তেওঁলোক যিসকলক মুম্বাইৰ ৰাজপথত দেখিছিলো। আমাৰ দল শক্তিশালী। কিছুমান বিধায়কে আমাক এৰি যোৱাৰ অৰ্থ এইটো নহয় যে সংগঠনটো দুৰ্বল। প্ৰায় ১৭-১৮ জন ভাৰতীয় জনতা পাৰ্টিৰ জিম্মাত আছে। ২০ জন বিধায়কৰ সৈতে আমি যোগাযোগত আছো।”-তেওঁ কয় ৷