পৃথিৱীত যিকোনো প্ৰাণীৰ পুৰুষ আৰু নাৰী এই দুটা ভাগ ৷ এটা অবিহনে কোনো এটা জীৱৰ বংশ বৃদ্ধি সম্ভৱ নহয় ৷ কিন্তু এইখন পৃথিৱীতে এনে কিছু প্ৰাণী আছে য’ত মাইকী জীৱ এটাই সন্তান জন্ম দিবলৈ মতা জীৱ এটাৰ সংগ লোৱাৰ প্ৰয়োজন নাই ৷ পৃথিৱীত এনে কিছুমান নাৰী জীৱ আছে যাক গৰ্ভধাৰণ কৰিবলৈ পুৰুষৰ প্ৰয়োজন নাই।
তেনে প্ৰজাতিৰ কেইটামান জীৱৰ ভিতৰত উল্লেখযোগ্য হ’ল ‘ব্ৰাহ্মিণী ব্লাইণ্ড স্নেক’ নামৰ এছিয়া আৰু আফ্ৰিকাত পোৱা এই সাপ যি বিষাক্ত নহয়। যাক ওচেনিয়া, আমেৰিকা আৰু অষ্ট্ৰেলিয়া আদি আন দেশসমূহলৈও পঠিওৱা হৈছিল। সাধাৰণতে মাটিৰ তলত লুকাই থকা এই সাপ সহজে মানুহৰ দৃষ্টিগোচৰ নহয় ৷ ইহঁতে কেৱল পাৰ্থেনোজেনেছিছৰ ভিত্তিত বংশবৃদ্ধি কৰে। এতিয়ালৈকে এই প্ৰজাতিৰ সকলো সাপ মাইকী বুলি জানিব পৰা গৈছে। তেওঁলোকে নিজৰ সন্তানক এনেদৰে উৎপন্ন কৰে যে সকলো জিনগতভাৱে একে।
ব্লেকটিপ শ্বাৰ্ক নামৰ এই শ্বাৰ্কবিধ সাধাৰণতে উপগ্রীষ্মমণ্ডলীয় অঞ্চলত পোৱা যায়।অৱশ্যে ই পুৰুষ সংগীৰ সৈতে বা পুৰুষ অবিহনে এই দুয়ো ধৰণেৰে বংশবৃদ্ধি কৰিব পাৰে। ২০০৭ চনত ভাৰ্জিনিয়া একুৰিয়ামৰ মেৰিন ছায়েন্স চেণ্টাৰত ৯ বছৰীয়া মাইকী ব্লেকটিপ শ্বাৰ্ক এজনীয়ে পুৰুষ সংগী অবিহনেই গৰ্ভধাৰণ কৰে। অৱশ্যে যেতিয়া জিনীয় বিশ্লেষণ কৰা হ’ল, তেতিয়া দেখা গ’ল যে ইও পাৰ্থেনোজেনেছিছৰ জৰিয়তে গৰ্ভধাৰণ কৰিছিল।
কোমোডো ড্ৰেগন হ’ল বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ জেঠী প্ৰজাতিৰ প্ৰাণী । ইয়াৰ দৈৰ্ঘ্য ১০ ফুট পৰ্যন্ত আৰু ওজন ৭০ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে। সাধাৰণতে ইণ্ডোনেছিয়াৰ জিলি মটাং, ফ্ল’ৰেছ, ৰিংকা আৰু কোমোডো দ্বীপত পোৱা যায়। এইটো এনেকুৱা এটা জেঠী, যি পুৰুষ জেঠীৰ সহায় অবিহনে বংশবৃদ্ধি কৰিব পাৰে। ২০০৫ চনত লণ্ডনৰ চিৰিয়াখানাত এজনী মাইকী কোমোডো ড্ৰেগনে কণী পাৰিছিল। আচৰিত কথা যে এই ড্ৰেগন জনীক তাইৰ পুৰুষ সংগীৰ পৰা পৃথক কৰি দুবছৰ আগতেই ইণ্ডোনেছিয়ালৈ অনা হৈছিল। প্ৰথমতে মাইকী চৰাইয়ে হয়তো পুৰুষৰ শুক্ৰাণু জমা কৰি ৰাখিছে বুলি ভবা হৈছিল যদিও ২০০৬ চনত দ্বিতীয় এজনী কোমোডো ড্ৰেগনে ১১টা কণী পৰাৰ পিছত এই কথাটো নাকচ কৰা হৈছিল ৷ এই ১১টা কণীৰ সাতটা কণীৰ পৰা জেঠী পোৱালি ওলাইছিল। ইয়াৰ পৰা অনুমান কৰিব পাৰি যে যেতিয়া মাইকী কোমোডো ড্ৰেগন এজনীক পুৰুষ সংগীৰ পৰা পৃথক কৰি অকলে ৰখা হয়, তেতিয়াও ই পাৰ্থেনোজেনেছিছ প্ৰক্ৰিয়াৰ জৰিয়তে নিজাববীয়াকৈ প্ৰজনন কৰিব পাৰে। উল্লেখনীয় যে যেতিয়া মাইকী চৰাইয়ে পুৰুষৰ শুক্ৰাণু অবিহনে বংশবৃদ্ধি কৰে, তেতিয়া ইয়াক পাৰ্থেনোজেনেছিছ বোলা হয়।
এফিড হৈছে অতি সৰু পোক যিয়ে ফল-মূল, ফুল আৰু শাক-পাচলিৰ ৰস চুহি খায়। ইহঁতেও যৌন সম্পৰ্ক অবিহনে প্ৰজনন কৰিব পাৰে। সাধাৰণতে এফিডে এই দুয়োটা পদ্ধতি পাল পাতি ব্যৱহাৰ কৰে। মানে পুৰুষ বা মহিলাই একেলগে বংশবৃদ্ধি কৰে বা মাইকী এফিডে নিজাববীয়াকৈ এই কাম কৰে। তেওঁলোকক মাত্ৰ এনে এক ঠাইৰ প্ৰয়োজন য’ৰ পৰা তেওঁলোকে অবিৰতভাৱে ৰস পায়।
ট্ৰাইৰিছ ষ্টেনাস্পিছ এবিধ মকৰা প্ৰজাতিৰ প্ৰাণী । ইয়াক আমেৰিকা, অষ্ট্ৰেলিয়া, মাদাগাস্কাৰ, আৰ্জেণ্টিনা, কুক দ্বীপ, হাৱাই আৰু গালাপাগোছ দ্বীপপুঞ্জত পোৱা যায়। আজিলৈকে এই প্ৰজাতিৰ কোনো মতা মকৰা পোৱা নাই। ইহতৰ সকলো মাইকী মকৰা যি পুৰু্ সংগী অবিহনেই বংশবৃদ্ধি কৰিব পাৰে । অৱশ্যে ইহঁতৰ সমস্যা এটাই যে প্ৰজনন কৰাৰ পিছত কণী পাৰিলে ইহঁত মৰি যায়। এটা মকৰাই কণী পাৰি মৃত্যুবৰণ কৰে আৰু আন এটা মকৰাই লালন-পালন কৰে। এইদৰেই ইহঁতৰ বংশ বিস্তাৰ হয় ।
বনেটহেড শ্বাৰ্ক যি হ’ল পৃথিৱীৰ একমাত্ৰ নিৰামিষভোজী শ্বাৰ্ক । ইকুৱেডৰৰ পৰা কেলিফৰ্ণিয়া আৰু মেক্সিকালি উপসাগৰৰ পৰা নিউ ইংলেণ্ডলৈকে সাগৰীয় অঞ্চলত ইয়াক পোৱা যায়। বনেটহেড শ্বাৰ্ক এনে সাগৰত বাস কৰে যাৰ উষ্ণতা ২১ ডিগ্ৰী চেলছিয়াছৰ ওপৰত। শীতকালত বিষুৱৰেখাৰ ওচৰত আৰু গ্ৰীষ্মকালত মেক্সিকান উপসাগৰত ইহঁতে প্ৰবজন কৰে। জিনীয় বিশ্লেষণৰ দ্বাৰা এই কথা নিশ্চিত কৰা হৈছিল যে এই শ্বাৰ্কেও নেব্ৰাস্কাৰ হেনৰী ড’ৰলি চিৰিয়াখানাত পাৰ্থেনোজেনেছিছৰ দ্বাৰা গৰ্ভধাৰণ কৰা দেখা গৈছিল।
ডাফনিয়া পুলেক্স হ’ল পানীত বিচৰণ কৰি থকা এবিধ বৃহৎ প্ৰজাতিৰ মাখি যি সমগ্ৰ বিশ্বতে উপলব্ধ। অৱশ্যে বেছিকৈ ইয়াক অষ্ট্ৰেলিয়া, আমেৰিকা আৰু ইউৰোপত পোৱা যায় । সাধাৰণতে ইয়াৰ ৰং ৰঙা । কাৰণ এই মাখিৰ শৰীৰত হিম’গ্লবিন থাকে। ডাফনিয়া পুলেক্সৰ মূৰটো ছটা ভাগত বিভক্ত। শাৰীৰিক সম্পৰ্ক স্থাপন কৰি বা নকৰাকৈয়ে ইহঁতে বংশবৃদ্ধি কৰে। অৰ্থাৎ এই প্ৰজাতিৰ মাইকী মাখিয়ে মতাটোৰ লগত সম্পৰ্ক নকৰাকৈয়ো প্ৰজনন কৰি বংশবৃদ্ধি কৰিব পাৰে ।