এটা বিশেষ স্তৰে পৃথিৱীৰ কেন্দ্ৰক আৱৰি আছে ৷ শেহতীয়াকৈ আলাবামা বিশ্ববিদ্যালয়, এৰিজোনা ষ্টেট বিশ্ববিদ্যালয় আৰু লিডছ বিশ্ববিদ্যালয়ৰ গৱেষকসকলে একেলগে এই তথ্য প্ৰকাশ কৰিছে। গৱেষকসকলে দাবী কৰে যে তেওঁলোকে এন্টাৰ্কটিকাত তিনি বছৰ ধৰি গৱেষণা কৰি এই সিদ্ধান্তত উপনীত হৈছে। এই স্তৰৰ যিকোনো অংশ মাউণ্ট এভাৰেষ্টতকৈও উচ্চ বুলিও তেওঁলোকে দাবী কৰে। অৱশ্যে এই স্তৰটো সঠিকভাৱে কিহৰ পৰা গঠিত, এতিয়াও গৱেষণা চলি আছে। কাল্পনিকভাৱে স্তৰটোত গলিত লোহা আৰু কাৰ্বন থাকিব পাৰে বুলি তেওঁলোকে সদৰী কৰিছে ।
সাধাৰণতে পৃথিৱীৰ গঠন তিনিটা ভাগত বিভক্ত। ওপৰৰ স্তৰটো হ’ল খোলা। ইয়াৰ পিছত মেণ্টেল বা গুৰুমণ্ডল আৰু আটাইতকৈ তলৰ অংশটো হৈছে ক’ৰ বা কেন্দ্ৰমণ্ডল। নিউক্লিয়াছৰ দুটা অংশ, বাহিৰৰ নিউক্লিয়াছ আৰু ভিতৰৰ নিউক্লিয়াছ। যোৱা ফেব্ৰুৱাৰী মাহত বিজ্ঞানীৰ এটা দলে কৈছিল যে পৃথিৱীৰ কেন্দ্ৰত আন এটা স্তৰ আছে। এইবাৰ আলাবামা বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকলে নতুন তথ্য প্ৰকাশ কৰিলে । নতুন তৰপটো কোনো কোনো ঠাইত ৪ কিলোমিটাৰ আৰু কোনো কোনো ঠাইত ৪০ কিলোমিটাৰ পর্যন্ত ডাঠ।
সহজ ভাষাত ক’বলৈ গ’লে গুৰু মণ্ডল পৃথিৱীৰ পৃষ্ঠৰ পৰা প্ৰায় ২৯০০ কিলোমিটাৰ গভীৰতাত কেন্দ্ৰমণ্ডলৰ সৈতে একত্ৰিত হয়। ইয়াতেই নিহিত হৈ আছে নতুনকৈ আৱিষ্কাৰ কৰা স্তৰটো। ক’ব পাৰি যে এই স্তৰটো বাহিৰৰ কেন্দ্ৰটো আবৰি থকা পৰ্বতমালাৰ দৰে, যাৰ কিছুমান অংশ এভাৰেষ্টতকৈও ওখ। বিজ্ঞানীসকলে এই বিষয়ে অধিক গৱেষণাৰ প্ৰয়োজন বুলি অনুভৱ কৰে ৷