হাৰ্ভাৰ্ডৰ ‘চেণ্টাৰ অৱ এষ্ট্ৰ’ফিজিক্স’ আৰু ‘ইভেণ্ট হৰাইজ’ন টেলিস্ক’প’ নামৰ বিশ্বজোৰা দূৰবীণৰ বিশাল নেটৱৰ্কৰ সৈতে জড়িত বিজ্ঞানীসকলে অৰ্জন কৰিছে পুনৰ এক বিস্ময়কৰ সাফল্য। তেওঁলোকে আলোকচিত্ৰৰ জৰিয়তে পৃথিৱীবাসীৰ সন্মুখত দাঙি ধৰিছে হাতীপটী কেন্দ্ৰত থকা ‘ছেজিটেৰাছ এ’ নামৰ কৃষ্ণ গহ্বৰৰ এক বিৰল দৃশ্য । ছবিকেইখনৰ কেন্দ্ৰৰ অংশত থকা এন্ধাৰখিনি প্ৰকৃততে কৃষ্ণ গহ্বৰটোৰ ছাঁ আৰু চৌপাশে থকা উজ্জ্বল হালধীয়া বলয়বোৰ উত্তপ্ত গেছ আৰু প্লাজমাৰ গঠন।
২০১৯ চনত তেওঁলোকে M-87 নামৰ তাৰকা ৰাজ্যৰ কেন্দ্ৰত থকা মহাদৈত্যকায় কৃষ্ণ গহ্বৰৰ ফটো বিশ্ববাসীক প্ৰত্যক্ষ কৰোৱাইছিল। M-87ৰ ভৰ প্ৰায় ৬ বিলিয়ন সূৰ্যৰ ভৰৰ সমান। অৱশ্যে ইয়াৰ বিপৰীতে হাতীপটীৰ কেন্দ্ৰত থকা কৃষ্ণ গহ্বৰটো তুলনামূলকভাৱে ইয়াতকৈ যথেষ্ট সৰু। জানিব পৰা মতে হাতীপটি কেন্দ্ৰৰ এই কৃষ্ণ গহ্বৰটো ৪ মিলিয়ন সূৰ্যৰ ভৰৰ সমান। সেয়েহে প্ৰচণ্ড বেগত গেছবোৰে অতি কম সময়ৰ ভিতৰত কৃষ্ণ গহ্বৰটোক প্ৰদক্ষিণ কৰিব পাৰে।