মানৱ সভ্যতাত বিজ্ঞানে অনা জোৱাৰত অসম্ভৱকো সম্ভৱ কৰি অন্য এক সফল পৰীক্ষণ সম্পন্ন হৈছে ।
ইউনিভাৰ্চিটি অফ কেলিফৰ্ণিয়াৰ এদল গৱেষকে এইবাৰ মানুহৰ দেহৰ পৰা নিৰ্গত হোৱা ঘামেৰে উৎপন্ন কৰিছে বিদ্যুৎ।
গৱেষক সকলে হাতত পিন্ধিব পৰা এটা যন্ত্ৰৰ সহায়ত মানুহৰ শৰীৰৰ পৰা নিৰ্গত হোৱা ঘাম সংগ্ৰহ কৰি বিজুলী উৎপাদন কৰি সফলতা লাভ কৰিছে।
গৱেষক সকলৰ দাবী যে এই যন্ত্ৰ হাতৰ আঙুলিত সংযোগ কৰি তাৰ পৰাই ঘাম সংগ্ৰহ কৰিব পাৰিব আৰু সেই ঘামৰ পৰা উৎপন্ন হ’ব বিদ্যুৎ।
অৱশ্য কম বিদ্যুৎ উৎপন্ন কৰা এই ডিভাইছটোৰ পৰা মাত্ৰ এটা স্মাৰ্ট ফ’নহে চাৰ্জ কৰিব পাৰিব।
এই ডিভাইছটো তিনি সপ্তাহ পিন্ধি থাকিলেহে এটা ফ’ন চাৰ্জ কৰিব পৰা বিদ্যুৎ উৎপাদন কৰিব পৰা যাব বুলি সদৰি কৰিছে গৱেষকৰ দলটোৱে।
অৱশ্যে ভৱিষ্যতলৈ অধিক কাৰ্যক্ষম কৰি তুলিব পাৰিব বুলি আশা প্ৰকাশ কৰিছে গৱেষকৰ দলটোৱে ।