এইবাৰ বিজ্ঞানৰ এক আশ্চৰ্যকৰ অৱিষ্কাৰ ৷ সূৰ্যৰ পোহৰ অবিহনে, সালোক সংশ্লেষণ কেনেদৰে কৰিব পাৰি তাক আৱিষ্কাৰ কৰিলে বিজ্ঞানীয়ে ৷ অবিশ্বাস্য যেন লাগিলেও ই সঁচা ৷ যদিও এইটো প্ৰায়ে বিজ্ঞান কল্পকাহিনীৰ চলচ্চিত্ৰতহে দেখা যায়, আমি এতিয়া ইয়াক বাস্তৱত পৰিণত কৰাৰ দিশে এখোজ আগ বাঢ়িছো। গৱেষকসকলে এই কথা দাবী কৰিছে যে, জলবায়ু পৰিৱৰ্তিত হৈ থকা এইখন পৃথিৱীত ই খাদ্য উৎপাদনৰ বাবে নতুন পদ্ধতিৰ বিকাশত সহায় কৰিব।
কাৰ্বন ডাই অক্সাইড, শক্তি আৰু পানীৰ সহায়ত, ইলেক্ট্ৰকেটালাইটিক প্ৰক্ৰিয়াৰ বাবে উদ্ভিদবোৰ অন্ধকাৰত বিকশিত হ’ব পাৰে। পানী, কাৰ্বন ডাই অক্সাইড আৰু সৌৰ শক্তিক আমি খোৱা আহাৰলৈ ৰূপান্তৰ কৰাৰ সামৰ্থ্য লাখ লাখ বছৰ ধৰি উদ্ভিদত বিকশিত হৈছে। তথাপিও সূৰ্যৰ পৰা মাত্ৰ ১% শক্তিহে সঁচাকৈয়ে উদ্ভিদলৈ যায়, যাৰ ফলত প্ৰক্ৰিয়াটো অকাৰ্যকৰী হয়।
এই আৱিষ্কাৰ সন্দৰ্ভত সহকাৰী অধ্যাপক ৰবাৰ্ট জিনকাৰছনে কৈছিল যে,”আমাৰ ৰণনীতিৰ দ্বাৰা, আমি খাদ্য উৎপাদনৰ এক নতুন পদ্ধতি আৱিষ্কাৰ কৰাৰ লক্ষ্য ৰাখিছিলো যি জৈৱিক সালোক সংশ্লেষণৰ দ্বাৰা প্ৰায়ে দিয়া সীমাবদ্ধতাক অতিক্ৰম কৰিব পাৰে।”
ইলেক্ট্ৰকেটালাইটিক প্ৰক্ৰিয়া ব্যৱহাৰ কৰি কাৰ্বন ডাই অক্সাইড, শক্তি আৰু পানী এচিটেটলৈ ৰূপান্তৰিত হয়, যি হৈছে ভিনেগাৰৰ এক গুৰুত্বপূৰ্ণ উপাদান । আনহাতে আন্ধাৰত, খাদ্য উৎপাদক জীৱবোৰে বিকশিত হ’বলৈ এই এচিটেট খায়।
পৰীক্ষা-নিৰীক্ষা অনুসৰি, ইষ্ট, সেউজীয়া শেলাই, আৰু কাঠফুলা উৎপাদক ভেঁকুৰকে ধৰি কেইবাটাও খাদ্য উৎপাদক প্ৰজাতিৰ পোনপটীয়াকৈ এচিটেট সমৃদ্ধ ইলেক্ট্ৰলাইজাৰ আউটপুটত অন্ধকাৰত খেতি কৰিব পাৰি।
সূৰ্যৰ ওপৰত কৃষিৰ সম্পূৰ্ণ নিৰ্ভৰশীলতা উপশম কৰি, কৃত্ৰিম সালোক সংশ্লেষণে জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা সৃষ্টি কৰা অধিক কঠিন পৰিস্থিতিত কৃষিক খাদ্য উৎপাদন কৰিবলৈ সক্ষম কৰে।বিশেষজ্ঞসকলে লগতে ভাবে যে, এই পদ্ধতি ব্যৱহাৰ কৰি আমি মঙ্গল গ্ৰহতো উদ্ভিদ খেতি কৰিব পাৰোঁ।
#Maddow
Science break.
UC Riverside & University of Delaware have found a method to create food without sunlight via artificial photosynthesis. A two-step electrocatalytic process to convert carbon dioxide, electricity, & water into acetate, which is the main component in vinegar pic.twitter.com/zFLnJcwY8l— Firecaptain (@Firecaptain16) June 28, 2022