সূৰ্য্যই জ্যোতিৰ্বিজ্ঞানীসকলক সদায় মুগ্ধ কৰি আহিছে। আৰু এতিয়া এক নতুন ঘটনাই বিজ্ঞানীসকলক বিমোৰত পেলাইছে। সূৰ্য্যৰ এটা বিশাল অংশ ইয়াৰ পৃষ্ঠৰ পৰা খহি ইয়াৰ উত্তৰ মেৰুৰ চাৰিওফালে টৰ্নেডোৰ দৰে ঘূৰ্ণীবতাহৰ সৃষ্টি কৰিছিল। যদিও বিজ্ঞানীসকলে এইটো কেনেকৈ সংঘটিত হ’ল সেয়া বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছে, তথাপিও এই ঘটনাৰ ভিডিঅ’টোৱে মহাকাশ বিজ্ঞানীসকলক স্তম্ভিত কৰি তুলিছে। এই উল্লেখযোগ্য পৰিঘটনাটো নাছাৰ জেমছ ৱেব টেলিস্কোপে ধৰা পেলাইছে আৰু যোৱা সপ্তাহত মহাকাশৰ বতৰ পূৰ্বাভাসকাৰী ডাঃ টামিথা স্কোভে টুইটাৰত শ্বেয়াৰ কৰিছিল। সূৰ্য্যই সৌৰ অগ্নি (যাক প্ৰমিনেন্স বুলি কোৱা হয়) নিৰ্গত কৰি থাকে যিয়ে কেতিয়াবা পৃথিৱীৰ যোগাযোগ ব্যৱস্থাত প্ৰভাৱ পেলায় ৷ সেয়েহে বিজ্ঞানীসকলে শেহতীয়া ঘটনাক লৈ অধিক চিন্তিত হৈ পৰিছে ।
নাছাৰ মতে, ই হৈছে মুলতঃ সূৰ্য্যৰ পৃষ্ঠৰ পৰা বাহিৰলৈ বিস্তৃত এক বৃহৎ উজ্জ্বল বৈশিষ্ট্য। ইয়াৰ পূৰ্বেও এনে কেইবাটাও দৃষ্টান্ত হৈছে যদিও এইটোৱে বিজ্ঞান সমাজক স্তম্ভিত কৰি তুলিছে।
দশক দশক ধৰি সূৰ্য্য পৰ্যবেক্ষণ কৰি অহা আমেৰিকাৰ নেচনেল চেণ্টাৰ ফৰ এটম’স্ফেৰিক ৰিচাৰ্চৰ সৌৰ পদাৰ্থবিজ্ঞানী স্কট মেকইনটছে স্পেচ ডট কমক জনাইছে যে তেওঁ কেতিয়াও এটা টুকুৰা খহি পৰা দেখা নাছিল ৷
মহাকাশ বিজ্ঞানীসকলে এতিয়া এই অদ্ভুত পৰিঘটনাটোৰ বিশ্লেষণ কৰি ইয়াৰ বিষয়ে অধিকতথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিছে ৷ এই মাহত পৃথিৱীত যোগাযোগ ব্যৱস্থাত ব্যাঘাত জন্মাব পাৰে অতি শক্তিশালী সুর্যৰ খহি পৰা অংশই ৷