১৯৭২চনৰ পৰা ২০২২চনলৈকে ৫০বছৰীয়া এক সোণোৱালী সময় অতিক্ৰম কৰি অসম তথা অসমীয়া সাহিত্য জগতত নিজৰ নাম খোদিত কৰিবলৈ সক্ষম হোৱা এক নাম হ’ল ‘বনলতা’ ৷ অসমীয়া জাতি কিম্বা অসমীয়া ভাষাটোৰ বাবে স্ব-আৰোপিত দায়িত্বক প্ৰতিষ্ঠা লগ্নৰ পৰাই অতি নিষ্ঠাৰে পালন কৰি আহিছে প্ৰকাশনটোৱে ৷ যি বৰ্তমান কেৱল মাত্ৰ এটা প্ৰকাশন গোষ্ঠীয়েই নহয় প্ৰতিজন অসমীয়াৰ আৱেগ ৷
গ্ৰন্থ ভাল পোৱা মানুহৰ গ্ৰন্থ পঢ়াৰ চেতনা জগাই তুলিব খোজা ‘বনলতা’ই ১৭আৰু ১৮ ডিচেম্বৰত অনুষ্ঠিত কৰিছে প্ৰকাশন গোষ্ঠীটোৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি অনুষ্ঠান ৷ যাৰ বাবে লেখক,পঢ়ুৱৈ, বিতৰককে আদি কৰি সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি নিমন্ত্ৰণ জনাইছে প্ৰকাশন গোষ্ঠীটোৱে ৷
ডিব্ৰুগড় জিলাৰ নিৰ্মালী গাঁও ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত অনুষ্ঠিত হোৱা ডিব্ৰুগড় গ্ৰন্থমেলাত অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত ১৭ ডিচেম্বৰৰ দিনা আবেলি ৩বজাত ‘কিতাপ আৰু আলাপ’ শীৰ্ষক অনুষ্ঠানত উন্মোচন কৰা হ’ব ‘অপূৰ্ব শৰ্মাৰ গল্প সমগ্ৰ’ ৷ গ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট সাহিত্যিক ড০ নগেন শইকীয়াই ৷ আনহাতে উক্ত অনুষ্ঠানত উপস্থিত থাকিব সাহিত্য অকাডেমী আৰু অসম উপত্যকা বটা প্ৰাপক গল্পকাৰ অপূৰ্ব শৰ্মাৰ লগতে বিশিষ্ট সাহিত্য সমালোচক প্ৰভাত বৰা আৰু সাহিত্য অকাডেমী প্ৰাপক সাহিত্যিক জ্ঞান পূজাৰী ৷ আনহাতে উক্ত দিনটোতে আবেলি ৫বজাত অনুষ্ঠিত হ’বলগীয়া মাখন হাজৰিকা স্মৃতিচাৰণ বটা প্ৰদান অনুষ্ঠান আৰু’বনলতা’ বিশেষ বক্তৃতা অনুষ্ঠানত বক্তা হিচাপে উপস্থিত থাকিব নৰ্থ লক্ষীমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক অৰবিন্দ ৰাজখোৱা ৷ লগতে উপস্থিত থাকিব সূৰ্য হাজৰিকা ,অনন্ত হাজৰিকা আৰু ৰুলী হাজৰিকা ৷
সামৰণি অনুষ্ঠান উপলক্ষে ১৮ ডিচেম্বৰ তাৰিখে দুপৰীয়া ১১বজাত পঞ্চম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ দুটা শাখাত অনুষ্ঠিত হ’বলগীয়া চিত্ৰাংকণ প্ৰতিযোগিতাৰ সঞ্চালনা কৰিব ড০ লিমা হাজৰিকা আৰু দীপক চৰকাৰে ৷ আনহাতে কুইজ মাষ্টাৰ দীপাংকৰ কৌশিক আৰু দিলীপ কুমাৰ শৰ্মাৰ তত্বাৱধানত আবেলি ৩বজাত অনুষ্ঠিত হ’ব সদৌ অসম ভিত্তিত মুকলি কুইজ প্ৰতিযোগিতা ৷
সেয়েহে উক্ত অনুষ্ঠানত সমূহ ৰাইজৰ সহায়-সহযোগিতা ও আশীৰ্বাদ কামনা কৰিছে ৫০বছৰ গৰকা অসমৰ আগশাৰীৰ প্ৰকাশন গোষ্ঠীটোৱে ৷