অসমৰ এক আগশাৰীৰ বেচৰকাৰী স্বেচ্ছাসেৱী অনুষ্ঠান ‘পথিক’ ৷ আজি বহু বছৰৰ পৰা সমাজৰ হকে বিনা দ্বিধাই কাম কৰি অহা ‘পথিক’ বৰ্তমান সমগ্ৰ অসমতে এক চিনাকি নাম ৷ বহু সময়ত ‘কৰ্কট সজাগতা’ অনুষ্ঠানৰ পৰা আৰম্ভ কৰি মুক্তিপথ প্ৰকল্পলৈকে পথিক সদায় থিয় হৈ আহিছে আৰ্তজনৰ কাষত ৷
সেয়েহে আজি সমগ্ৰ দেশতে উদযাপন কৰা ৭৪তম গণৰাজ্য দিৱসৰ শুভ মূহুৰ্তত যোৰহাট কাছাৰী মৈদানত “মুক্তিপথ” প্ৰকল্পৰ বাবে ‘পথিক’ক প্ৰদান কৰা হ’ল এক সামূহিক স্বীকৃতি ৷
যোৰহাটৰ উপায়ুক্ত,যোৰহাট আৰক্ষী অধীক্ষক,পৰিবহণ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, সংসদ কামাখ্যা প্ৰসাদ তাছাকে আদি কৰি বহুকেইজন গণ্য মান্য ব্যক্তিৰ উপস্থিতিত যোৰহাটৰ কাছাৰী মৈদানত ৭৪ সংখ্যক গণতন্ত্ৰ উদযাপনৰ সময়ত অসমৰ অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘পথিক’ক ‘মুক্তিপথ’ প্ৰকল্পৰ বাবে প্ৰদান কৰা হয় উৎসাহ মূলক প্ৰশংসা পত্ৰ ৷ অনুষ্ঠানটোৰ হৈ এই মান পত্ৰ গ্ৰহণ কৰে পথিকৰ যোৰহাট জিলাৰ কৰ্মী অঞ্জন কুমাৰ বৰা আৰু মুক্তিপথৰ সমন্নয়ক সঞ্জিব শইকীয়াই ৷
‘পথিক’ৰ এই সফলতাত সুখী অনুভৱ কৰি ‘মুক্তিপথ’ৰ সৈতে জড়িত সকলো সদস্য আৰু দাতা সকলক জনসাধাৰণৰ সেৱাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰি ভৱিষ্যতেও সকলোৰে সহায় সহযোগিতা কামনা কৰে ‘পথিক’ৰ সঞ্চালক ভিক্টৰ ৰাজকুমাৰে ।