আজি বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক ডঃ ময়িদুল ইছলাম বৰাৰ স্মৃতি দিৱস । তেওঁ কটন মহাবিদ্যালয়ৰ পৰা স্নাতক হৈ ঢাকা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে আৰু বিশ্ববিদ্যালয়খনতে অধ্যাপনা কৰিবলৈ লয় । পিছত তেওঁ লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ফাৰ্চী কবি আমীৰ হাছানৰ বিষয়ে গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে । তেওঁ মীৰ্জা নাথনে লিখা ‘বাহাৰিস্তান-ই-গাইবী’ ইংৰাজীলৈ অনুবাদ কৰিছিল । তেওঁৰ আন দুখন গ্ৰন্থ হ’ল My First Reader আৰু My Second Reader. । ১৯৪০ চনত যোৰহাটত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিৱেশনত তেওঁ সভাপতিত্ব কৰিছিল । ১৯৪৪ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটিছিল । এইগৰাকী সাহিত্যিকলৈ আমাৰ প্ৰণাম ।
আজি প্ৰথম অসমীয়া মহিলা স্নাতক সুধালতা দুৱৰাৰ স্মৃতি দিৱস । ১৯১৪ চনত তেওঁ বেথোন কলেজৰ পৰা সংস্কৃতত সন্মান সহকাৰে স্নাতক ডিগ্ৰী লাভ কৰে । তাৰ পাছত ডিঅ’চেছান কলেজৰ পৰা বিটি ডিগ্ৰী লাভ কৰে আৰু ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে । তেওঁ বেথোন কলেজিয়েট স্কুলত শিক্ষকতা কৰাৰ পিছত এলাহাবাদ ক্ৰছৱেইট কলেজত যোগদান কৰি ১৯২৫ চনত তাৰ অধ্যক্ষা হয় । ১৯২৮ চনৰ আজিৰ দিনটোতে তেওঁৰ পৰলোকপ্ৰাপ্তি ঘটে । এইগৰাকী বিদূষীলৈ আমাৰ প্ৰণাম ।
আজি মনীষী কাৰ্ল মাৰ্ক্সৰ ওপজা দিন । ১৮১৮ চনৰ আজিৰ দিনটোতে জাৰ্মানীৰ কিংডম অব প্ৰুচিয়াত তেওঁৰ জন্ম হৈছিল । তেওঁ প্ৰৱৰ্তন কৰা ৰাজনৈতিক ধাৰাটোক মাৰ্ক্সবাদী ধাৰা বুলি কোৱা হয় । তেওঁ আছিল একাধাৰে দাৰ্শনিক, অৰ্থনীতিবিদ, ইতিহাসবিদ, সমাজবিজ্ঞানী, ৰাজনৈতিক তত্ত্ববিদ, সাংবাদিক আৰু সমাজতান্ত্ৰিক বিপ্লৱী । এইগৰাকী বিশিষ্ট ব্যক্তিলৈ আমাৰ প্ৰণাম ।