চৰাইদেউ জিলাৰ বৰহাট টিতলাগৰৰ এগৰাকী মহিলা শ্ৰীমতী দেৱযানী গগৈ । বিগত ১২ বছৰ ধৰি এটি জটিল ৰোগৰ সৈতে যুঁজ দি আহিছে এই সাহসী মহিলা গৰাকীৰ লগতে তেওঁৰ পৰিয়ালটিয়ে । বৰ্ত্তমান আৰ্থিক অনাতনত ভূগিছে যুদ্ধত হাৰ মানিব নোখোজা পৰিয়ালটো ৷
জনপ্ৰিয় সামাজিক মাধ্যম প্লেটফৰ্ম ফেচবুকত এই সন্দৰ্ভত কিছু কথা ব্যক্ত কৰি কেইখনমান ফট’ আপলোড কৰিলে চৰাইডেউৰ বৰ্তমান সময়ৰ এজন সফল যুৱ ব্যৱসায়ী উত্তম চাংমায়ে ৷
ফেচবুকত তেওঁ লিখিলে যে চৰাইদেঊ জিলাৰ অতিৰিক্ত উপায়ুক্ত অভিজিৎ গগৈয়ে চৰাইদেউৰ জিলাৰ কেইগৰাকীমান ব্যৱসায়ীক অৱগত কৰে এই কথা । মানে দৰদী তথা সমাজপ্ৰিয় ব্যক্তি জিলাখনৰ অতিৰিক্ত উপায়ুক্ত অভিজিৎ গগৈৰ নেতৃত্বত সেয়েহে অঞ্চলটোৰ কেইজনমান ব্যৱসায়ীয়ে গ্ৰহণ কৰিলে এক আদৰণীয় পদক্ষেপ ৷ পৰিয়ালটিক আৰ্থিক সাহায্য প্ৰদান কৰি দেৱযানী গগৈৰ শীঘ্ৰ আৰোগ্য কামনা কৰি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালে ব্যৱসায়ীৰ দলটোৱে ৷