ভাৰতবৰ্ষৰ শিখ ধৰ্মাৱলম্বী লোক সকলৰ বাবে আজি এক বিশেষ দিন৷ শিখ ধৰ্মৰ দশম গৰাকী গুৰু শ্ৰী গোবিন্দ সিঙক শ্ৰদ্ধা জ্ঞাপন কৰি আজি তেওঁলোকে পালন কৰে জ্যোতি জ্যোত দিৱস ৷
১৬৬৬ চনৰ ২২ ডিচেম্বৰত পাটনাত গোবিন্দ সিঙৰ জন্ম হৈছিল৷ প্ৰথমতে তেওঁৰ নাম আছিল গোবিন্দ ৰায়৷ ধৰ্মীয় গুৰু হোৱাৰ লগতে তেওঁ আছিল এজন বীৰ যুদ্ধা,কবি আৰু দাৰ্শনিক৷
তেওঁৰ মাতৃৰ নাম আছিল মাতা গুজৰী আৰু পিতৃ আছিল গুৰু টেগ বাহাদুৰ৷ পিতৃ গুৰু টেগ বাহাদুৰক মোগল সম্ৰাট ঔৰংগজেৱে মৃত্যুদণ্ড দিয়াৰ পিছত মাত্ৰ ৯ বছৰ বয়সতে আনুষ্ঠানিক ভাৱে তেওঁক শিখ সকলৰ নেতা হিচাপে দায়িত্ব অৰ্পণ কৰা হৈছিল৷ তেওঁৱেই আছিল শিখ ধৰ্মৰ দশম আৰু শেষৰ গৰাকী ধৰ্মগুৰু৷
১৭০৮ চনৰ ৭ অক্টোবৰত ৪১ বছৰ বয়সত নান্দেদৰ অবচল নগৰ হাজুৰ চাহিবত শিখ ধৰ্মৰ এইজনা গুৰুৱে ইহলীলা সম্বৰণ কৰিছিল আৰু সেইজনা মহান গুৰুৰ পবিত্ৰ স্মৃতিত অজিৰ এই বিশেষ দিনটো শিখ ধৰ্মাৱলম্বী লোক সকলে প্ৰতিবছৰেই উদযাপন কৰি আহিছে৷