দেশবাসীৰ বাবে ভাল খবৰ। জম্মু কাশ্মীৰৰ শ্ৰীনগৰ অৱেশষত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ চাইটৰ অন্তৰ্ভুক্ত হ’ল। হেৰিটেজ চাইটৰ ক্ৰিয়েটিভ চিটি নেটৱৰ্কৰ শাখাত শ্ৰীনগৰ অন্তৰ্ভুক্ত হৈছে। লোক কলাৰ বাবে শ্ৰীনগৰক বাচনি কৰিছে।
২০১৯ চনত হেৰিটেজ চাইট চিটিৰ তালিকাভুক্ত হ’বলৈ মনোনয়নৰ বাবে প্ৰথমবাৰৰ বাবে আবেদন জনাইছিল। ২০২১ চনত পুনৰ আবেদন কৰাত শ্ৰীনগৰ বাচনিৰ তালিকাত উঠে।
এই বছৰ বিশ্বৰ বিভিন্ন দেশৰ সৰ্বমুঠ ৪৯ খন চহৰৰ ভিতৰত জম্মু কাশ্মীৰৰ শ্ৰীনগৰে এই স্বীকৃতি লাভ কৰাত সমগ্ৰ কাশ্মীৰবাসীৰ লগতে দেশবাসী উৎফুল্লিত হৈ পৰিছে।
ইয়াৰ পূৰ্বে ২০১৫ চনত জয়পুৰ, বাৰাণসী আৰু ২০১৭ চনত চেন্নাই হৈছে ক্ৰিয়েটিভ চিটি নেটৱৰ্কৰ বাবে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটত অন্তৰ্ভুক্ত হোৱা ভাৰতৰ চহৰ। বৰ্তমান শ্ৰীনগৰকে ধৰি ভাৰতৰ সৰ্বমুঠ ৪খন চহৰে এই স্বীকৃতি লাভ কৰিছে।