বিশ্বৰ বেছিভাগ মানুহেই হয়তো যিকোনো প্ৰকাৰে জনপ্ৰিয় পৰ্যটনস্থলী ভ্ৰমণ কৰাটো পছন্দ কৰে। অৱশ্যে তাৰ মাজতে কিছুমান এনে লোকো আছে যি সেই ঠাইবোৰ ভ্ৰমণ কৰি ভাল পায় যিবোৰ পৰ্যটনস্থলী নহয় যদিও সেই ঠাইবোৰ ভ্ৰমণৰ বাবে উপযুক্ত আাৰু বৰ ধুনীয়া।
ভাৰতবৰ্ষৰ মানুহে প্ৰতিটো উৎসৱৰ বতৰত ভ্ৰমণ কৰি ভাল পায়। ‘সমাচাৰ নামা’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি অনলাইন আৱাস কোম্পানী ‘এয়াৰ.বি.এন.বিৰ তথ্য অনুসৰি ভাৰতৰ জনপ্ৰিয় পৰ্যটন স্থলীসমূহৰ লগতে পৰ্যটন স্থলীৰ তালিকাত অন্তৰ্ভুক্ত নোহোৱা ঠাই সমূহ ভ্ৰমণৰ বাবেও মানুহৰ আগ্ৰহ বৃদ্ধি পাইছে।
কোম্পানীটোৰ তথ্য অনুসৰি যোৱা বছৰ অৰ্থাৎ ২০২২ চনত ভাৰতৰ অন্যতম ৰাজ্য তামিলনাডু, ৰামেশ্বৰম আৰু ভেলোৰ, তেলেংগানাৰ মাধাপুৰ, মেঘালয়ৰ চেৰাপুঞ্জী আৰু মহাৰাষ্ট্ৰৰ পিম্পৰী-চিঞ্চৱাডে জনপ্ৰিয় পৰ্যটন স্থানৰ তালিকাত শীৰ্ষস্থান দখল কৰিছিল। বিশ্বৰ এক বৃহৎ সংখ্যক পৰ্যটক এই স্থানসমূহত উপস্থিত হয়। ২০২২ চনত যথেষ্ট বৃদ্ধি পাইছে বহিঃৰাজ্যলৈ যোৱা লোকৰ সংখ্যাও । আশা কৰা হৈছে যে যোৱা বছৰৰ দৰে এইবাৰো বৃহৎ সংখ্যক পৰ্যটক বহিঃৰাজ্যলৈ যাব।
তথ্য অনুসৰি ভাৰতীয়সকলে সন্ধান কৰিছিল বিশ্বৰ আটাইতকৈ জনপ্ৰিয় চহৰসমূহৰ। অনহাতে বহুতে আকৌ দলীয় ভ্ৰমণৰ পৰিৱৰ্তে একক ভ্ৰমণো বাছি লৈছিল। আনহাতে ২০২২ বৰ্ষত জুলাই-ছেপ্টেম্বৰ ত্ৰৈমাসিকত আটাইতকৈ জনপ্ৰিয় ভ্ৰমণ বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছিল একক ভ্ৰমণে । আনহাতে বহুজনেই আকৌ কম জনপ্ৰিয় গন্তব্যস্থানলৈ যাত্ৰা কৰাৰ ফলত স্থানীয় জনগোষ্ঠীসমূহৰ বাবে যথেষ্ট সুবিধা হৈছিল আৰু পৰ্যটন খণ্ডটোৰো কিছু হ’লেও উত্থান ঘটিছিল। ভাৰতীয়সকলে নিজৰ দেশৰ ভিতৰতে তামিলনাডু, মেঘালয়, মহাৰাষ্ট্ৰ, তেলেংগানাৰ দৰে ৰাজ্যলৈ যোৱাৰো পৰিকল্পনা কৰিছিল।
উল্লেখনীয় যে ২০২২ চনৰ তৃতীয় ত্ৰৈমাসিকত ভাৰতীয় পৰ্যটকসকলে বিদেশলৈ যোৱাৰ বিষয়ে সৰ্বাধিক তথ্য সংগ্ৰহ কৰা চহৰসমূহৰ ভিতৰত আছে ডুবাই, পেৰিছ, লণ্ডন, টৰন্টো আৰু নিউয়ৰ্কৰ দৰে চহৰসমূহ।আনহাতে আতিথ্যৰ ক্ষেত্ৰত এয়াৰ.বি.এন.বি(Airbnb) ত শীৰ্ষ ৰেটিং পোৱা ভাৰতীয় চহৰকেইখন হ’ল দিল্লী, কেৰালা, মহাৰাষ্ট্ৰ, গোৱা আৰু হিমাচল প্ৰদেশ।
কোম্পেনীটোৰ জেনেৰেল মেনেজাৰ অমনপ্ৰীত বাজাজে কয় যে যোৱা বছৰৰ দৰে এইবাৰো মানুহ বিদেশ ভ্ৰমণলৈ যাব বুলি আশা কৰা হৈছে। লগতে আশা কৰা হৈছে যে বহুজনে হয়তো ভাৰতৰ এনে স্থানসমূহো ভ্ৰমণ কৰিব, যিবোৰ জনপ্ৰিয় পৰ্যটনস্থলী হিচাপে পৰিচিত নহয়। পৰিসংখ্যা অনুসৰি যোৱা বছৰ ভাৰতত সৰ্বাধিক বুকিং হৈছিল মুম্বাই, দিল্লী, গুৱাহাটী, গোৱা আৰু হায়দৰাবাদৰ।