বিশ্বকাপৰ ইতিহাসত জাৰ্মানীয়ে কেতিয়াও ইমান লজ্জিত হ’বলগীয়া হোৱা নাছিল , যিমান কাটাৰ বিশ্বকাপৰ সময়ত তেওঁলোকে লজ্জ্বাৰ সন্মুখীন হ’বলগীয়া হ’ল ৷ ফুটবলৰ গৌৰৱক লৈ তেওঁলোকে সদায় গৌৰৱ কৰি আহিছে। চাৰিটা বিশ্বকাপৰ ট্ৰফীয়ে তেওঁলোকৰ দেশক শোভাৱর্দ্ধন কৰিছে ৷ সেই গৌৰৱ বৃহস্পতিবাৰে ছিন্নভিন্ন হৈ পৰিল। ২০১৮ চনৰ পাছত ২০২২ চনৰ বিশ্বকাপতো জাৰ্মানীয়ে একেৰাহে দুবাৰ গ্ৰুপৰ পৰা বাহিৰ হ’বলগীয়া হয় ৷
উল্লেখ্য যে বিশ্বকাপৰ সফল দলৰ ভিতৰত অন্যতম হৈছে জার্মানী। চাৰিবাৰ তেওঁলোক বিশ্ব চেম্পিয়ন। কেৱল সেয়াই নহয় চাৰিবাৰ ৰানাৰ্ছ আপৰ খিতাপ তেওঁলোকে দখল কৰিছে ৷ তৃতীয় স্থানো চাৰিবাৰ জার্মানীয়ে দখল কৰিছে। অৰ্থাৎ বিশ্বকাপৰ ফাইনেলত মুঠ আঠবাৰ জার্মানীয়ে প্ৰৱেশ কৰিছে। আন কোনো দেশৰ এই নজিৰ নাই।
বিশ্বকাপৰ ইতিহাসত জাৰ্মানীৰ আটাইতকৈ বেয়া ফলাফল আছিল ১৯৩৮ চনত। সেইবাৰ প্ৰথম মেচত ছুইজাৰলেণ্ডৰ হাতত পৰাস্ত হৈ তেওঁলোক গুচি যায়। কিন্তু সেই সময়ত আৰম্ভণিৰে পৰা ইয়াক নকআউট ফৰ্মেটত খেলা হৈছিল। টাইব্ৰেকাৰত ছুইজাৰলেণ্ডৰ হাতত পৰাস্ত হয় জাৰ্মানী। ১৯৫০ চনত জার্মানীক খেলিবলৈ দিয়া হোৱা নাছিল। ১৯৫৪ চনত জার্মানী চেম্পিয়ন হয় । তাৰ পিছত তেওঁলোকে পশ্চিম জাৰ্মানী হিচাপে খেলিছিল। ইয়াৰ পিছত ১৯৭৪, ১৯৯০ আৰু ২০১৪ চনত জাৰ্মানীয়ে বিশ্বকাপ দখল কৰে। ২০১৮ চনৰ পূৰ্বে তেওঁলোকে একেৰাহে চাৰিবাৰকৈ বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছিল। এবাৰ চেম্পিয়ন, এবাৰ ৰানাৰ্ছ আপ আৰু দুবাৰ তৃতীয় স্থান দখল কৰিছিল ।
১৯৯০ চনত বিশ্বকাপ জয় কৰাৰ পিছত জাৰ্মান ফুটবলে প্ৰায় এটা দশক ধৰি অন্ধকাৰ সময়ৰ মাজেৰে পাৰ হৈছিল। ইয়াৰ মাজতে দুটা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত দলটো প্ৰৱেশ কৰে। কিন্তু ধাৰাবাহিক ব্যৰ্থতাৰ পিছত সলনি হ’ল দেশৰ ফুটবলৰ পৰিৱেশ। একেৰাহে দুবাৰকৈ গোটৰ পৰা ওলাই অহাৰ পৰিৱৰ্তন কিহৰ দ্বাৰা সলনি হ’ব? সেয়া সময়ে ক’ব।