যাত্ৰাৰ আৰম্ভণি হৈছিল শ্ৰীলংকাৰ বিৰুদ্ধে। প্ৰথমে ভাৰতক ১৯ বছৰ অনুৰ্ধ বিশ্বকাপলৈ লৈ যায় আৰু পিছলৈ ছিনিয়ৰ দলত সোমাই পৰে। প্ৰথমতে কোনো সফলতা নাছিল। দলৰ পৰা বাদ পৰিবলগীয়া হৈছিল ৷ কিন্তু ব্যর্থতাই তেওঁক টলাব পৰা নাছিল ৷ নিজৰ সাধনাৰে তেওঁ ক্ৰিকেট বিশ্বত প্ৰতিষ্ঠা কৰিলে আৰু মহান ক্ৰিকেটাৰসকলৰ মাজত নিজৰ স্থান প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷ তেওঁ হৈছে বিৰাট কোহলি ৷ কিং কোহলিয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সম্পূর্ণ কৰিলে ১৫ বছৰ । তেওঁ ১৫ বছৰ ৰাজত্ব কৰিলে ক্ৰিকেট বিশ্বত ৷
২০০৮ চনৰ ১৮ আগষ্টত শ্ৰীলংকাৰ বিৰুদ্ধে বিৰাট কোহলীৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰ আৰম্ভ হৈছিল। ডাম্বুল্লাত গৌতম গম্ভীৰৰ সৈতে বিৰাটে অ’পেন কৰিছিল। শ্ৰীলংকাৰ বিৰুদ্ধে সেই এদিনীয়া শৃংখলাত বিৰাটে মাত্ৰ এটা অৰ্ধশতকহে অৰ্জন কৰিছিল। আউট হোৱাৰ পাছত ড্ৰেছিং ৰুমলৈ উভতি আহোঁতে তেওঁৰ বিৰক্তি প্ৰকাশৰ ধৰণটোক লৈ সমালোচনা আৰম্ভ হ’ল। বিৰাটক দলৰ পৰা বাদ দিবলগীয়া হৈছিল। এবছৰৰ পিছত উভতি আহিছিল। সেয়াও শ্ৰীলংকাৰ বিৰুদ্ধে। ইয়াৰ পিছত পিছলৈ ঘূৰি চোৱা নাছিল।
শ্ৰীলংকাৰ বিৰুদ্ধেও বিৰাটৰ প্ৰথম শতক অর্জন কৰে । ২০০৯ চনত ইডেনত শ্ৰীলংকাৰ বিৰুদ্ধে শতক অৰ্জন কৰিছিল বিৰাটে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত সেয়াই তেওঁৰ প্ৰথম শতক। ১৫ বছৰত তেওঁ অজৰন কৰে ৭৬ টা শতক । অৰ্থাৎ গড় হিচাপত বিৰাটে প্ৰতি বছৰে পাঁচটাকৈ শতক অৰ্জন কৰিছিল।
১৫ বছৰত একাধিক অভিলেখ গঢ়িছে বিৰাটৰ। অভিষেকৰ পিছত বিৰাটে সৰ্বাধিক ৰান (২৫,৫৮২) ৰান সংগ্ৰহ কৰে। সৰ্বাধিক অর্ধশতক (১৩১) অর্জন কৰে। ১৫ বছৰত বিৰাট কেৱল এজন নিৰ্ভৰযোগ্য বেটছমেন হোৱাই নহয় ভাৰতীয় ক্ৰিকেটত আগ্ৰাসনৰ সমাৰ্থক হৈ পৰিছে। বিৰাটৰ আগ্ৰাসী মনোভাৱে অধিনায়ক হিচাপেও দৃষ্টি আকৰ্ষণ কৰিছিল। অধিনায়ক হিচাপে (এই ১৫ বছৰত) সৰ্বাধিক ৰান (১২,৮৮৩) ৰানৰ তালিকাতো তেওঁ শীৰ্ষস্থান দখল কৰিছে। অধিনায়কত্বৰ সময়ছোৱাত বিৰাটে ২৭ বাৰ মেন অৱ দ্য মেচ আৰু ১২ বাৰ মেন অৱ দ্য ছিৰিজৰ সন্মান লাভ কৰে। যদিও বিৰাটৰ নেতৃত্বত ভাৰতে কেতিয়াও আই চি চিৰ প্ৰতিযোগিতাত জয়ী হোৱা নাছিল।
১৫ বছৰ সম্পূৰ্ণ কৰাৰ পিছত ৩৪ বছৰীয়া বিৰাট কেৱল আগবাঢ়িছে। তেওঁ এইবাৰ বিশ্বকাপত ভাৰতীয় দলৰ একমাত্ৰ ক্ৰিকেটাৰ হিচাপে পৰিগণিত হ’ব, যিজন ১২ বছৰ পূৰ্বেও বিশ্ব বিজয়ী দলত আছিল। তেওঁ বিশ্ব বিজয়ৰ আৰু এটা সোৱাদৰ বাবে আগ্ৰহী। আৰু ১.৪ বিলিয়ন ভাৰতীয়ই আৰু এবাৰ তেওঁৰ হাতত বিশ্বকাপৰ ট্ৰফী চাবলৈ অপেক্ষা কৰি আছে।