ইংৰাজী প্ৰিমিয়াৰ লীগৰ ক্লাব ক্ৰয় কৰিবলৈ আগ্ৰহী মুকেশ আম্বানী। ইয়াৰ পূৰ্বে ভাৰতীয় কোটিপতি ব্যৱসায়ী গৰাকীয়ে লিভাৰপুল ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল। এইবাৰ মুকেশ আম্বানীয়ে আৰ্চেনাল ক্ৰয় কৰিব পাৰিব বুলি এক সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।
সংবাদ মাধ্যমৰ এক সূত্ৰ অনুসৰি মুকেশ আম্বানীৰ পুত্ৰ আকাশ আম্বানী আৰ্চেনালৰ অনুৰাগী। পুত্ৰৰ অনুৰোধত তেওঁ লণ্ডনত থকা ক্লাবটো ক্ৰয় কৰিবলৈ আগ্ৰহী হৈ পৰে। ইংৰাজী কাকত ‘দ্য মিৰ’ৰ’ৰ বাতৰি অনুসৰি লিভাৰপুলে এই বিষয়টোক লৈ আলোচনা আৰম্ভ কৰিছে। আই পি এলত মুম্বাই ইণ্ডিয়ানছ দলৰ মালিক মুকেশ। প্ৰতিখন মেচতে তেওঁৰ পত্নী নীতা আম্বানী আৰু পুত্ৰক গেলেৰীত দেখা যায়। আনহাতে, আম্বানীৰ কোম্পানীটোৱে আই এছ এল পৰিচালনা কৰা ফুটবল স্প’ৰ্টছ ডেভেলপমেণ্ট লিমিটেডৰো মালিক৷ ফলত ক্ৰীড়া দল ক্ৰয় কৰাটো আম্বানীৰ বাবে নতুন কথা নহয়।
আৰ্চেনালৰ পূৰ্বে লিভাৰপুল ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল মুকেশ আম্বানীয়ে। লিভাৰপুলৰ মালিক আমেৰিকান কোম্পানী ফেনৱে স্প’ৰ্টছ গ্ৰুপ (এফ এছ জি)। ক্লাবটো বিক্ৰী কৰিবলৈ তেওঁলোকে চেষ্টা চলাইছে। ক্লাৱটো ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল মুকেশ আম্বানীয়ে । এফ এছ জিয়ে লিভাৰপুলক ৪ বিলিয়ন পাউণ্ডত (ভাৰতীয় মুদ্ৰাত ৩৮ হাজাৰ ১১৯ কোটি) বিক্ৰী কৰিব পাৰে। তেওঁলোকে ক্লাবটোক পোনপটীয়াকৈ বিক্ৰী কৰাৰ আগ্ৰহ দেখুৱাইছিল ৷
জানিব পৰা মতে মুকেশ আম্বানীয়ে সেই ক্লাবটো ক্ৰয় কৰিব পাৰে যদিও এতিয়ালৈকে কোনো চুক্তি হোৱা নাই। অৱশ্যে এইবাৰ আৰ্চেনাল ক্ৰয় কৰিবলৈ আগ্ৰহ প্ৰদর্শন কৰিছে ভাৰতীয় কোটিপতি ব্যৱসায়ীজন।