VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চণ্ডিগড়ত অনুষ্ঠিত নাগেশ ট্ৰফি টি-২০ ত অংশ ললে অসম দৃষ্টিহীন ক্ৰিকেট দলে

voicedesk by voicedesk
February 3, 2023
in ক্ৰীড়া
চণ্ডিগড়ত অনুষ্ঠিত নাগেশ ট্ৰফি টি-২০ ত অংশ ললে অসম দৃষ্টিহীন ক্ৰিকেট দলে
0
SHARES
25
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী : ভাৰতীয় দৃষ্টিহীন ক্ৰিকেট সন্থাৰ উদ্যোগত ৩১ জানুৱাৰীৰ পৰা চণ্ডিগড়ত অনুষ্ঠিত ভাৰতৰ দৃষ্টিহীন ক্ৰিকেটৰ সৰ্বোচ্চ প্ৰতিযোগিতা নাগেশ ট্ৰফিত অসম দৃষ্টিহীন ক্ৰিকেট দলেও অংশগ্ৰহণ কৰে । ৰাজদ্বীপ ডাকুৱাৰ নেতৃত্বত যোৱা অসম দলটোৱে প্ৰতিযোগিতাৰ প্ৰথম দিনা ৰেলৱেৰ বিৰুদ্ধে ১৭ অভাৰত তিনিটা উইকেট হেৰুৱাই ১৭২ ৰাণ কৰে যদিও ৰেলৱে দলটো ৭ উইকেটত বিজয়ী হয় । অসমৰ হৈ হোমেন বুঢ়াগোহাঁয়ে সৰ্বাধিক ৫৮ ৰাণৰ বৰঙণি আগবঢ়ায় । অসম দলটো দ্বিতীয় দিনৰ খেলত চণ্ডিগড়ৰ বিৰুদ্ধে ৯ উইকেটত পৰাজিত হয় । অসমে ১৮ অভাৰত দুটা উইকেটত ১৬৫ ৰাণ কৰে । অসমৰ হৈ মনজিত চৌধুৰীয়ে ৪৯ টা বলত ৮৪ ৰাণ কৰি অপৰাজিত হৈ ৰয় ।

প্ৰতিযোগিতাত অসম দলে মণিপুৰৰ বিৰুদ্ধে খেলা এখন খেলত ১৮ অভাৰত ৩ উইকেটত ১৯১ ৰাণ কৰে । অসমৰ হৈ হোমেন বুঢ়াগোহাঁয়ে ৪৪ টা বলত ৬৫ ৰাণৰ বৰঙণি আগবঢ়ায় । আনহাতে বলিঙত ৰাজদ্বীপ ডাকুৱা আৰু প্ৰতাপ ৰাজবংশীয়ে ভাল প্ৰদৰ্শন কৰে । উল্লেখযোগ্য যে মুঠ ২৮ টা দলে অংশগ্ৰহণ কৰিবলগীয়া এই প্ৰতিযোগিতাৰ গ্ৰুপ এফত মুঠ চাৰিটা দলে অংশগ্ৰহণ কৰে । অসমৰ দলটোৰ টিম মেনেজাৰ আৰু প্ৰশিক্ষক হিচাপে গৈছিল কেয়াৰ ইউ ৩৬৫ৰ ক্ৰমে ৰঞ্জন কুমাৰ গোস্বামী আৰু সুশীল পৌৰেল । অসমত দৃষ্টিহীন ক্ৰিকেটৰ বাটকটীয়া, বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ৰ সভাপতি (স) আৰু অসম দৃষ্টিহীন ক্ৰিকেট সন্থাৰ আহ্বায়ক ভৃগু বৰঠাকুৰে কয় যে প্ৰতিযোগিতাত জয়লাভ কৰিব নোৱাৰিলেও উপযুক্ত প্ৰশিক্ষণ আৰু আন্তঃগাঁথনি নোহোৱাকৈ অসমৰ দলটোৱে আশা কৰাতকৈও উৎকৃষ্ট প্ৰদৰ্শন কৰিছে ।

উপযুক্ত প্ৰশিক্ষণ লাভ কৰিলে তেওঁলোকে আৰু অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্ৰকাশ কৰে । তেওঁ লগতে এইবাৰ ক্ৰিকেট দলটোক চণ্ডিগড়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে সহায়ৰ হাত আগবঢ়োৱা অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ উপদেষ্টা সমিতিৰ সদস্য সচিব গীতাৰ্থ গোস্বামীক ধন্যবাদ জ্ঞাপন কৰে ।

 

Previous Post

সুস্বাদু আহাৰৰ সৈতে মহাকাশৰ পৰা চাব পাৰিব পৃথিৱীৰ অনন্য ৰূপ

Next Post

বটদ্ৰৱাত অঞ্চলৰ সমস্যা সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা সম্পন্ন

Related Posts

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই
ক্ৰীড়া

১৩ বছৰৰ পাছত ভাৰতীয় দলত দ্ৰাবিড়! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১৯ বছৰ অনুৰ্ধ দলত সুযোগ লাভ কৰিলে ৰাহুল দ্ৰাৱিড়ৰ পুত্ৰই

August 31, 2024
ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ  বিদায়
ক্ৰীড়া

ইউ এছ অ’পেনত অঘটন! আলকাৰাজৰ পিছত জ’কভিচৰ পৰাজয়, দুদিনত দুজন টেনিছ তাৰকাৰ বিদায়

August 31, 2024
আজি পুনৰ খেলপথাৰত নামিব ৰিয়ান, এবছৰৰ ভিতৰতে স্থান পাব ৰাষ্ট্ৰীয়  দলত ? কোন তাৰকাই কৰিলে ভৱিষ্যৎবাণী
ক্ৰীড়া

এদিনীয়াত অভিষেক ঘটিল ৰিয়ান পৰাগৰ, শ্ৰীলংকাৰ বিৰুদ্ধে মূল একাদশত স্থান লাভ

August 7, 2024
আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক
ক্ৰীড়া

আজি পদকৰ যুঁজত নামিব মীৰাবাই চানু, ফাইনেলত অযোগ্য ঘোষণা বিনেশ ফ’গাটক

August 7, 2024
অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা
ক্ৰীড়া

অলিম্পিকত ষ্টীপলচেজৰ ফাইনেলত অবিনাশ, প্ৰথম ভাৰতীয় হিচাপে ইতিহাস ৰচনা

August 6, 2024
অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন
ক্ৰীড়া

অলিম্পিকত হকীৰ ছেমি ফাইনেলত ভাৰত, জয়ী হ’লেই ৰূপৰ পদক নিশ্চিত, ৪৪ বছৰৰ পাছত উভতি আহিছে চেম্পিয়ন হোৱাৰ সপোন

August 5, 2024
Next Post
বটদ্ৰৱাত অঞ্চলৰ সমস্যা সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা সম্পন্ন

বটদ্ৰৱাত অঞ্চলৰ সমস্যা সম্পৰ্কে গুৰুত্বপূৰ্ণ সভা সম্পন্ন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7