লণ্ডনত চুৰি হ’ল ক্ৰিকেটাৰ বেন ষ্টোকছৰ বেগ ৷ লণ্ডনৰ কিংছ ক্ৰাছ ষ্টেচনৰ পৰা ইংলেণ্ডৰ টেষ্ট অধিনায়কৰ বেগটো চুৰি হৈছে। ক্ষুব্ধ ষ্ট’কছে ছ’চিয়েল মিডিয়াত এই কথা প্ৰকাশ কৰে। নিউজিলেণ্ড ভ্ৰমণ সম্পূৰ্ণ কৰি ঘৰলৈ উভতি অহাৰ পিছত ক্ষোভিত হৈ পৰিছে ষ্ট’কছ।
ৰেল ষ্টেচনত তেওঁৰ বেগ চুৰি হোৱাৰ পাছত ক্ষুন্ন হৈ পৰিছে ষ্টোকছ। ছ’চিয়েল মিডিয়াত তেওঁ লিখিছে, “যিয়েই মোৰ বেগটো কিংছ ক্ৰাছৰ পৰা চুৰি কৰিব, মই ভাবো মোৰ কাপোৰবোৰ ডাঙৰ হ’ব।”
নিউজিলেণ্ডৰ বিৰুদ্ধে টেষ্ট শৃংখলাত খেলি ঘৰলৈ উভতি আহিছিল ষ্টকছ। কিছুদিনৰ পিছত তেওঁ ভাৰতলৈ আহিব আই পি এল খেলিবলৈ। ইংলেণ্ডৰ অল ৰাউণ্ডাৰগৰাকীয়ে মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ হৈ খেলিব। যোৱা টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বিশ্বকাপ জয়ৰ ক্ষেত্ৰত ষ্ট’কছে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। কিছুদিন পূৰ্বে এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ষ্ট’কছে।
অৱশ্যে ইংলেণ্ডৰ হোৱাইট বল ক্ৰিকেট প্ৰশিক্ষক মেথিউ মটেও কয় যে যদি ষ্টকছে এদিনীয়া বিশ্বকাপত খেলিব বিচাৰে তেন্তে তেওঁ সুখী হ’ব। তেওঁ কয়, “মই ইচ্ছাকৃতভাৱে ষ্ট’কছক অকলে চিন্তা কৰাৰ সুযোগ দিছো। তেওঁ খেলিব বিচাৰে নেকি আমাক জনাওক। আমি খৰখেদাকৈ ক’বলৈ কোৱা নাছিলো। গ্রীষ্মৰ মাজভাগলৈকে ষ্ট’কছে সিদ্ধান্ত ল’ব পাৰে৷ শাৰীৰিক আৰু মানসিক অৱস্থা গুৰুত্বপূৰ্ণ। বিশ্বকাপৰ দলত নিৰ্বাচিত হ’ব বিচাৰিলে ষ্ট’কছে নিজকে প্ৰস্তুত কৰিব লাগিব।“
ক্ৰিকেট প্ৰেমীৰ এটা অংশই ষ্টকছক অৱসৰৰ পৰা ওলাই আহি পুনৰ এদিনীয়া ক্ৰিকেট খেলিবলৈ আহ্বান জনায়। অহা অক্টোবৰ মাহত অনুষ্ঠিত হ’বলগীয়া এদিনীয়া বিশ্বকাপত ইংলেণ্ড দলত ষ্টকছ চাব বিচাৰে অনুৰাগীয়ে ৷