প্ৰত্যাশিতভাৱেই বাংলাদেশৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত ভাৰতীয় দলত নাথাকিব ৰোহিত শৰ্মা, কুলদীপ সেন আৰু দীপক চাহৰ ৷ এই কথা সদৰী কৰিছে ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে ৷ ৰোহিতে টেষ্ট শৃংখলাত খেলিব পাৰিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই। মুম্বাইৰ চিকিৎসকৰ পৰামৰ্শ মতে এই সিদ্ধান্ত লোৱা হ’ব বুলি ব’ৰ্ডে জানিবলৈ দিয়ে। তৃতীয় এদিনীয়া খেলৰ বাবে কুলদীপ যাদৱক দলত অন্তৰ্ভুক্ত কৰা হৈছে।
এদিনীয়া শৃংখলাৰ প্ৰথম দুখন খেলত পৰাস্ত হৈছে ভাৰত। লোকেশ ৰাহুলৰ নেতৃত্বত এই শৃংখলাত হোৱাইটৱাছ বচাবলৈ যুঁজিব ভাৰতে। দ্বিতীয়খন মেচত ফিল্ডিং কৰি থাকোঁতে ৰোহিতে বাওঁ বুঢ়া আঙুলিত আঘাত পায়। লগে লগে তেওঁক ঢাকাৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। ৰোহিতে পুনৰ বেটিং কৰিবলৈ আহিছিল যদিও ফিল্ডিং কৰিব নোৱাৰিলে। তেওঁৰ অৰ্ধশতকটোৱে অৱশ্যে ভাৰতক দ্বিতীয়খন মেচখন জয় কৰিব নোৱাৰিলে। পিছত তেওঁ মুম্বাইলৈ ৰাওনা হয়। তাত ডাক্তৰৰ পৰামৰ্শ লৈছে ৰোহিতে।
কঁকালৰ বিষৰ বাবে দ্বিতীয়খন মেচত অংশ ল’ব নোৱাৰিলে কুলদীপ সেনে। তৃতীয়খন মেচত তেওঁ খেলিব নোৱাৰিব। বলিং কৰাৰ সময়ত তেওঁ আঘাতপ্ৰাপ্ত হয় । কুলদীপ আৰু দীপকক বাংগালুৰুৰ ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীলৈ প্ৰেৰণ কৰা হৈছে। তিনিজন ক্ৰিকেটাৰক বাদ দিয়া হৈছে যদিও শেষৰখন খেলৰ বাবে কেৱল বাওঁহাতৰ স্পিনাৰ কুলদীপ যাদৱকহে লৈ যোৱা হৈছে।