নিউজিলেণ্ডৰ ক্ৰাইষ্টচাৰ্চৰ এখন চিকিৎসালয়ত যশপ্ৰীত বুমৰাৰ অস্ত্ৰোপচাৰ সম্পন্ন হৈছে । তেওঁৰ পিঠিৰ অস্ত্ৰোপচাৰ কৰা হৈছে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি এই অস্ত্ৰোপচাৰ সফল হৈছে। ইয়াৰ লগে লগে বুমৰাহক অতি সোনকালে খেলপথাৰলৈ ঘূৰি অহাৰ সম্ভাৱনা আছে ৷
চিকিৎসকে কয় যে বুমৰাহ কমেও ছমাহ খেলিব নোৱাৰিব। অৰ্থাৎ আই পি এলৰ কথা বাদেই এইবাৰ এছিয়া কাপতো তেওঁ খেলাৰ কোনো সম্ভাৱনা নাই। দেশত এদিনীয়া বিশ্বকাপৰ পূৰ্বে তেওঁক সুস্থ কৰি তুলিবলৈ চেষ্টা চলাইছে চিকিৎসকে। অৱশ্যে বুমৰাহৰ অস্ত্ৰোপচাৰ সন্দৰ্ভত হাস্পতালখনে মুকলিকৈ প্ৰকাশ কৰা নাছিল। চিকিৎসালয় কৰ্তৃপক্ষই ক’য়, ‘বুমৰাহৰ বিষয়ে সকলো বক্তব্য ভাৰতীয় ক্ৰিকেট ব’ৰ্ডে প্ৰকাশ কৰিব ৷ চিকিৎসালয়ৰ ফালৰ পৰা কোনো বক্তব্য প্ৰদান কৰা নহয় ৷ “
অকলেণ্ডৰ অস্থিৰোগ বিশেষজ্ঞ ৰ’ৱান ছ’টনে বুমৰাহৰ অস্ত্ৰোপচাৰ কৰিছিল। তেওঁ জোফ্ৰা আৰ্চাৰ, শ্বেন বণ্ডৰ দৰে ক্ৰিকেটাৰক অস্ত্ৰোপচাৰৰ অন্তত খেলপথাৰলৈ ঘূৰাই আনিছে।
এদিনীয়া বিশ্বকাপৰ পূৰ্বে বুমৰাহক সম্পূৰ্ণ ফিট কৰি তোলাৰ লক্ষ্য ব’ৰ্ডৰ বিষয়াসকলে। অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপৰ পূৰ্বে প্ৰতিযোগিতামূলক ক্ৰিকেটলৈ ঘূৰি আহিব পাৰিবনে শক্তিশালী বলাৰগৰাকী! সময় খুব কম। কাৰণ অস্ত্ৰোপচাৰৰ পিছত বুমৰাহক খেলপথাৰলৈ ঘূৰি আহিবলৈ পাঁচৰ পৰা ছমাহৰ প্ৰয়োজন হ’ব। ইয়াৰ পিছত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলাৰ ফিটনেছ পুনৰ লাভ কৰিবলৈ আৰু কিছু সময় লাগিব। সময় কম হ’লেও ব’র্ডে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
কঁকালৰ বিষৰ বাবে যোৱা বছৰৰ জুলাই মাহত ইংলেণ্ডৰ বিৰুদ্ধে তৃতীয়খন এদিনীয়া খেলত অংশ ল’ব নোৱাৰিলে বুমৰাহ। সেয়াই আৰম্ভণি। তেতিয়াৰ পৰাই তেওঁ খেলপথাৰৰ বাহিৰত আছে। যোৱা বছৰৰ এছিয়া কাপ, টি-২০ বিশ্বকাপত ভাৰতীয় বলাৰজন উপলব্ধ নাছিল। যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা টি-২০ শৃংখলাত বুমৰাহক অন্তৰ্ভুক্ত কৰা হৈছিল। কিন্তু মেচ খেলি পুনৰ তেওঁ আঘাতপ্ৰাপ্ত হয়। তেতিয়াৰ পৰাই নেশ্যনেল ক্ৰিকেট একাডেমীত সুস্থ হৈ উঠিছে বুমৰাহ। কিন্তু বহু চেষ্টাৰ পিছতো বুমৰাহ আঘাতৰ পৰা মুক্ত হ’ব পৰা নাছিল। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ মেডিকেল কমিটীৰ বিশেষজ্ঞসকলৰ মতে এনে অৱস্থাত খেলিলে তেওঁৰ ক্ৰিকেট কেৰিয়াৰত ডাঙৰ বিপদৰ সৃষ্টি হ’ব পাৰে। গতিকে বুমৰাহক আই পি এল খেলিবলৈ দিয়া নহ’ল। নেশ্যনেল ক্ৰিকেট একাডেমীৰ চিকিৎসক আৰু ব’ৰ্ডে বুমৰাহৰ অস্ত্ৰোপচাৰ কৰাৰ সিদ্ধান্ত লয়। এইদৰে অনুসন্ধান আৰম্ভ হ’ল। কেইবাজনো চিকিৎসকৰ পৰামৰ্শ লোৱাৰ পিছত ছৌটনক চূড়ান্ত কৰা হয় ৷