৪৪ তম দবা অলিম্পিয়াড এই বছৰৰ শেষৰ ফালে চেন্নাইত অনুষ্ঠিত হ’ব ৷ পূর্বে এই প্ৰতিযোগিতা ৰাছিয়াত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ইউক্ৰেইনৰ ওপৰত আক্ৰমণ কৰাৰ পিছত ৰাছিয়াত এই প্ৰতিযোগিতা অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ৷২০১৩ চনত বিশ্ব চেম্পিয়নশ্বিপৰ খেলৰ পিছত ভাৰতত অনুষ্ঠিত হ’বলগীয়া এয়া হৈছে দবাৰ দ্বিতীয়টো মুখ্য আন্তর্জাতিক পর্যায়ৰ অনুষ্ঠান ৷ তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে টুইটাৰৰ জৰিয়তে এই কথা ঘোষণা কৰিছে ৷ সৰ্বভাৰতীয় দবা ফেডাৰেচনে ইয়াৰ টুইটাৰ হেণ্ডেলতো এয়া প্ৰকাশ কৰিছে ৷
সৰ্বভাৰতীয় দবা ফেডাৰেশ্যনে (এআইচিএফ) প্ৰতিযোগিতাখন আয়োজন কৰিবলৈ এফ আই ডি ইক ১০ নিযুত আমেৰিকান ডলাৰ (প্ৰায় 70 কোটি টকা)ৰ গেৰাণ্টি দাখিল কৰিছিল। দবা অলিম্পিয়াড হৈছে দ্বিবাৰ্ষিক ক্ৰীড়া ইভেণ্ট ৷ য’ত প্ৰায় ১৯০ খন দেশে অংশগ্ৰহণ কৰে ৷ যুদ্ধৰ পূর্বে ২৬ জুলাইৰ পৰা ৮ আগষ্টলৈ মস্কোত অনুষ্ঠিত হোৱাৰ কথা আছিল এই প্ৰতিযোগিতা ।
…