আজিৰে পৰা আৰম্ভ হ’ব কমনৱেল্থ গে’মছ ২০২২ ৷ বাৰ্মিংহামৰ তৃতীয় সৰ্ববৃহৎ ইনড’ৰ ষ্টেডিয়াম কমপ্লেক্স এৰিনাত অনুষ্ঠিত কমনৱেল্থ গেমছ ২০২২ত বিশ্বৰ ৭২ খন কমনৱেল্থ দেশে অংশগ্ৰহণ কৰিছে । কমনৱেল্থ গেম্ছ হৈছে ১৯ বিধ ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হোৱা বিশ্বৰ ভিতৰতে এক অনুশাসনমূলক বৃহৎ ক্ৰীড়া প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত ১৯বিধ ক্ৰীড়াৰ ভিতৰত ১৬ টা বিভাগত অংশগ্ৰহণ কৰিছে ভাৰতে।
ইংলেণ্ডৰ বাৰ্মিংহামত অনুষ্ঠিত হোৱা বাৰদিনীয়া এই ক্ৰীড়া প্ৰতিযোগিতাত উপস্থিত হৈছেগৈ অসমৰ হিমা দাসকে আদি কৰি আন ছয়গৰাকী ক্ৰীড়াবিদ ৷ হিমাৰ উপৰিও বাকী ছয়গৰাকী খেলুৱৈ হ’ল ক্ৰমে অসমৰ গৌৰৱ লাভলীনা বৰগোঁহাই ,শিৱ থাপা,পপী হাজৰিকা ,টানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁই ৷
বিশ্বৰ সৰ্ববৃহৎ ক্ৰীড়া প্ৰতিযোগিতাখনিৰ এই বাৰদিনীয়া প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে এছিয়ান গেমছৰ স্বৰ্ণজয়ী অসম গৌৰৱ হিমা দাসে ৷ তেওঁ মহিলাৰ ৪x১০০মিটাৰ ৰীলে’ দৌৰৰ উপৰি মহিলাৰ ২০০মিটাৰ দৌৰতো অংশগ্ৰহণ কৰিব ৷ হিমাদাসে ২০১৮চনৰ গ’ল্ড কষ্ট কমনৱেল্থ গেমছতো অংশ গ্ৰহণ কৰিছিল ৷ জাকাৰ্টাত অনুষ্ঠিত অষ্টদশ এছিয়ান গেমছত হিমাই স্বৰ্ণপদক অৰ্জনেৰে গৌৰৱান্বিত কৰিছিল দেশবাসীক ৷ অৱশ্যে লাভলীনাকে আদি কৰি অসমৰ পৰা যোৱা আন খেলুৱৈ সকলক লৈয়ো যথেষ্ট আশাবাদী অসম তথা ভাৰতৰ ক্ৰীড়া প্ৰেমী ৰাইজ ৷