বাৰ্মিংহামত অনুষ্ঠিত ‘কমনৱেলথ গেমছ ২০২২’ৰ চতুৰ্থ দিনটো ভাৰতীয় খেলুৱৈসকলৰ বাবে এটা সফল দিন হিচাপে পৰিগণিত হোৱাৰ পিছত আজি পঞ্চমটো দিনৰ সফলতাৰ বাবেও আশাৰে বাট চাইছে ভাৰতবাসীয়ে ৷
আজি বিশ্বৰ ভিতৰতে জনপ্ৰিয় ক্ৰীড়া প্ৰতিযোগিতা ‘কমনৱেলথ গেমছ ২০২২’ত ভাৰতৰ পুনম যাদৱে মহিলাৰ ৭৬ কিলোগ্ৰাম শাখাত ভাৰোত্তোলনৰ চূড়ান্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ৷ আনহাতে আজিৰ দিনটোত ভাৰতৰ বাবে কেইবাটাও পদকৰ আশা কৰিছে সনগ্ৰ ভাৰতবাসীয়ে ৷
উল্লেখযোগ্য যে ভাৰতৰ মহিলা লন বল ‘ফ’ৰ’ দল এক ঐতিহাসিক স্বৰ্ণৰ বাবে ইতিমধ্যে দক্ষিণ আফ্ৰিকাৰ মুখামুখি হৈছে। আনহাতে সন্ধিয়া, ভাৰতৰ পুৰুষ টেবুল টেনিছ দলে চূড়ান্তত প্ৰতিযোগিতাত ছিংগাপুৰৰ বিৰুদ্ধে চিডব্লিউজি খিতাপ ৰক্ষাৰ লক্ষৰে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ ইফালে বেডমিণ্টনৰ মিক্সড-ডাবল্ছতো মালয়েছিয়াৰ বিৰুদ্ধে চূড়ান্ত খেলখনত সোণৰ পদক অৰ্জনৰ লক্ষৰে ক্ৰীড়াংগনত নামিব ভাৰত ।