ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক সদায় খেলপথাৰত দেখা যায় ৭ নম্বৰ জার্চীত ৷ কিন্তু ধোনীয়ে কিয় ৭ নম্বৰ জার্চী পৰিধান কৰে সেয়া আপুনি জানেনে ? শেহতীয়াকৈ ৭ নম্বৰ জার্চীৰ আঁৰৰ কাহিনী প্ৰকাশ কৰিছে ধোনীয়ে ৷ নিৰ্দিষ্ট সংখ্যাটো ‘ভাগ্য’ৰ প্ৰতীক বুলি বিবেচনা কৰি জার্চীৰ নম্বৰ নির্ধাৰণ কৰা নাছিল ধোনীয়ে ৷ বৰঞ্চ তেওঁৰ জন্মদিন ৭ জুলাই হোৱা বাবেহে জার্চীৰ নম্বৰ ৭ নির্ধাৰণ কৰিছিল বুলি তেওঁ প্ৰকাশ কৰে ৷ । ৪০ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে লগতে কয় যে তেওঁ অন্ধবিশ্বাসী নহয়। ২০২০ চনত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ বাবে অৱসৰ লোৱা ধোনীয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ আগন্তুক সংস্কৰণত চেন্নাই চুপাৰ কিংছক নেতৃত্ব দিব।
এক ভিডিঅ’ বার্তাত তেওঁ কয় “বহুলোকে প্ৰথমতে ভাবিছিল যে ৭ মোৰ বাবে এটা ভাগ্যৱান সংখ্যা। কিন্তু মই এটা অতি সৰল কাৰণত নম্বৰটো বাছনি কৰিছিলো। মোৰ জন্ম জুলাইৰ ৭ তাৰিখে হৈছিল। এইটো সপ্তম মাহৰ সপ্তম দিন ৷ সেইবাবেই এই নম্বৰটো নির্ধাৰণ কৰিছিলো ৷ মই ভাবিছিলো যে মই মোৰ জন্ম তাৰিখটো জার্চীৰ নম্বৰ হিচাপে ব্যৱহাৰ কৰিম। “