এইবাৰৰ আই পি এল ৩১ মাৰ্চৰ পৰা আৰম্ভ হ’ব। কিন্তু ফ্ৰেঞ্চাইজিসমূহে প্ৰতিযোগিতা আৰম্ভ হোৱাৰ পৰাই সকলো ক্ৰিকেটাৰক লাভ নকৰিবও পাৰে। কিছুদিন পিছতহে দলত যোগদান কৰিব একাংশ ক্ৰিকেটাৰ। এই তালিকাত ৯টা দলৰ মুঠ ১৭ গৰাকী ক্ৰিকেটাৰক সন্নিবিষ্ট কৰা হৈছে।
কলকাতা নাইট ৰাইডাৰ্ছঃ প্ৰতিযোগিতাৰ আৰম্ভণিৰে পৰা কেকেআৰত নাথাকিব বাংলাদেশী ক্ৰিকেটাৰ চাকিব আৰু লিটন ৷৮ এপ্ৰিলৰ পিছত তেওঁলোকে দলত যোগদান কৰিব। মে’ মাহত পুনৰ আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলা খেলিব।
মুম্বাই ইণ্ডিয়ানছঃ নেদাৰলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ বাবে দক্ষিণ আফ্ৰিকাৰ ট্ৰিষ্টান ষ্টাবছ আৰু দেৱাল্ড ব্ৰেভিছৰ আৰম্ভণিৰ কেইখনমান মেচত অংশ ল’ব নোৱাৰিব ৷
চেন্নাই ছুপাৰ কিংছঃ ধোনিৰ দলৰ আন এক সমস্যা হৈছে শ্ৰীলংকাৰ দুগৰাকী ক্ৰিকেটাৰ মহিষ থিক্ষনা আৰু মথিছা পাথিৰানাৰ সৈতে। প্ৰথম কেইখনমান মেচৰ বাবে তেওঁলোকো উপলব্ধ নহ’ব।
ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুঃ প্ৰথম কেইখনমান মেচত ৱানীন্দু হাছৰঙকো বাদ দিব আৰ চি বিয়ে।
গুজৰাট টাইটানছঃ যোৱাবাৰৰ চেম্পিয়ন গুজৰাটেও ছিজনৰ আৰম্ভণিৰে পৰা দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰৰ অবিহনে খেলিব। মে’ মাহত পুনৰ দেশৰ হৈ খেলিবলৈ দল এৰিব জোছুয়া লিটলে।
ছানৰাইজাৰ্ছ হায়দৰাবাদঃ ছিজনৰ আৰম্ভণিৰে পৰা দলটোৰ তিনিজন দক্ষিণ আফ্ৰিকান ক্ৰিকেটাৰ আইডেন মাৰ্ক্ৰাম, মাৰ্কো জান্সেন আৰু হাইনৰিচ ক্লাচেনৰ অবিহনে খেলোব লাগিব দলটোৱে ৷
পঞ্জাৱ কিংছ: পঞ্জাৱৰ ক্ষেত্ৰতো একে সমস্যা। আৰম্ভণিৰ পৰাই নাপাব কাগিছো ৰাবাদাক।
লক্ষ্ণৌ ছুপাৰ জায়েন্টছঃ আই পি এলৰ আৰম্ভণিৰ পৰাই দক্ষিণ আফ্ৰিকাৰ বহু ক্ৰিকেটাৰ উপলব্ধ নহ’ব। ইয়াৰ ভিতৰত আছে অ’পেনাৰ কুইণ্টন ডি কক।
দিল্লী কেপিটেলছঃ ছিজনৰ আৰম্ভণিৰে পৰা বাংলাদেশী মুস্তাফিজুৰ ৰহমানৰ অবিহনে খেলিব দিল্লীয়ে। মে’ মাহত তেওঁ পুনৰ দল এৰিব। দিল্লী শিবিৰে ছিজনৰ আৰম্ভণিৰ পৰা লুংগি এনঙিডি আৰু অনৰিচ ন’খীক অবিহনে খেলিব।
অহা ৩১ মাৰ্চত আই পি এলৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে খেলিব গুজৰাট টাইটানছ। আহমেদাবাদত দুয়োটা দলৰ মুখামুখি হ’ব।