এইবাৰ আই পি এলত তাৰকা ক্ৰিকেটাৰ ব্যর্থ হৈছে ৷ বহু দলে নিলামত বহু টকা খৰচ কৰি সেই ক্ৰিকেটাৰক ক্ৰয় কৰিছিল। কিন্তু সেই ক্ৰিকেটাৰসকলে আঘাতৰ বাবে সমগ্ৰ আই পি এল খেলিব নোৱাৰিলে ৷ পুনৰ খেলিলেও মেচত জয়ী হ’ব নোৱাৰিলে। এইবাৰৰ আই পি এলত ব্যৰ্থ হোৱা ৫ গৰাকী ক্ৰিকেটাৰ হৈছে –
বেন ষ্ট’কছঃ চেন্নাই ছুপাৰ কিংছে যেতিয়া নিলামত ইংলেণ্ডৰ অল-ৰাউণ্ডাৰগৰাকীক ক্ৰয় কৰিছিল, তেতিয়া ভবা হৈছিল যে তেওঁলোকে হয়তো ভৱিষ্যতে তেওঁক অধিনায়ক হিচাপে বিবেচনা কৰিব। কিন্তু এইবাৰ আই পি এলত ষ্ট’কছে তেনেকৈ খেলিব নোৱাৰিলে। ইংলেণ্ডৰ টেষ্ট দলৰ অধিনায়কজনক লাভ কৰিবলৈ ১৬ কোটি ২৫ লাখ টকা ব্যয় কৰা হয়। অল ৰাউণ্ডাৰগৰাকীয়ে চেন্নাইৰ হৈ মাত্ৰ দুখন মেচহে খেলিছিল। ১৫ ৰান সংগ্ৰহ কৰে। তেওঁ এটা অভাৰ বলিঙ কৰি দিছে ১৮ ৰান । আঁঠুৰ আঘাতৰ বাবে ষ্ট’কছে খেলিব পৰা নাছিল।
হেৰী ব্ৰুকঃ তেওঁক ইংলেণ্ড দলৰ ভৱিষ্যত তাৰকা বুলি কোৱা হয়। সেই ব্ৰুকেও শতক অৰ্জন কৰিছিল। কিন্তু এইবাৰ আই পি এলত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ এইগৰাকী বেটছমেনে ১১খন মেচত ১৯০ ৰান সংগ্ৰহ কৰে। ১৩ কোটি ২৫ লাখ টকা ব্যয় কৰি হায়দৰাবাদে ক্ৰয় কৰিছিল হেৰীক। কেকেআৰৰ বিৰুদ্ধে এটা শতকৰ বাহিৰে সমগ্ৰ আইপিএলত ব্যৰ্থ হৈছিল ব্ৰুক। তেওঁৰ দলটোৱেও প্লে অফত প্ৰৱেশ কৰিব নোৱাৰিলে।
জোফ্ৰা আৰ্চাৰঃ মুম্বাইৰ পেচ এটেক এইবাৰ ইংৰাজ পেচাৰক কেন্দ্ৰ কৰি গঢ়ি তোলাৰ কথা আছিল। যশপ্ৰীত বুমৰাহৰ অনুপস্থিতিত মুম্বাইৰ আশা আছিল আৰ্চাৰ। কিন্তু তেওঁ মাত্ৰ পাঁচখন মেচহে খেলিছিল। ইয়াৰ পিছত তেওঁ আঘাতপ্ৰাপ্ত হৈ প্ৰতিযোগিতাৰ পৰা আঁতৰি যায়। শেষত ৰোহিত শৰ্মাই ৮ কোটি টকাত মুম্বাইয়ে ক্ৰয় কৰা আৰ্চাৰৰ সলনি ক্ৰীছ জৰ্ডানক দলত লৈ যায়।
ছেম কাৰেন: ইংলেণ্ডৰ আন এজন অলৰাউণ্ডাৰ বিফল হৈছে । এইবাৰৰ আই পি এলৰ নিলামত আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে কেৰেন। তেওঁক ১৮ কোটি ৮৫ লাখ টকাত ক্ৰয় কৰিছিল পঞ্জাব কিংছে। কিন্তু ১৪খন মেচত তেওঁ ২৭৪ ৰান সংগ্ৰহ কৰি ১০টা উইকেট দখল কৰে।
কাগিছ’ ৰাবাডাঃ দক্ষিণ আফ্ৰিকাৰ এই পেচাৰগৰাকী যিকোনো ধৰণৰ ক্ৰিকেটতে ভয়ংকৰ। তেওঁ ৬খন মেচত ৭টা উইকেট দখল কৰে। পঞ্জাব কিংছেও এই পেচাৰক লৈছিল ৯ কোটি ২৫ লাখ টকাত। যোৱা বছৰ আই পি এলত বেটছমেনৰ টোপনি কাঢ়ি নিয়া ৰাবাদাই এইবাৰো একেধৰণৰ প্ৰভাৱ পেলাব নোৱাৰিলে।