বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল পর্যায়ৰ অন্ত পৰিল। আৰু চাৰিখন মেচ বাকী। দুখন ছেমি ফাইনেল, তৃতীয় স্থানৰ প্লে অফ আৰু এখন ফাইনেল মেচ অনুষ্ঠিত হ’ব । এনে পৰিস্থিতিত কোনে বিশ্বকাপৰ গ’ল্ডেন বুট লাভ কৰিব তাক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা ৷ চাও আহকছোন কাৰ কাৰ নাম চর্চিত হৈছে ৷
কিলিয়ান এমবাপে (৫ গ’ল): এতিয়ালৈকে তালিকাৰ শীৰ্ষত আছে এমবাপে। বিশ্বকাপত এতিয়ালৈকে ৫খন খেলত তেওঁ ৫টা গ’ল কৰিছে। গ্ৰুপৰ প্ৰথমখন খেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ১টা গ’ল দিয়ে। দ্বিতীয়খন মেচত ডেনমাৰ্কৰ বিৰুদ্ধে তেওঁ গ’ল কৰে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত পোলেণ্ডৰ বিৰুদ্ধেও এমবাপে ২টা গ’ল দিয়ে। কিন্তু কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে গ’ল দিব নোৱাৰিলে। তেওঁৰ গ’লৰ সংখ্যা বৃদ্ধি কৰিবলৈ আৰু দুখন মেচ খেলাৰ সুযোগ পাব।
লিয়নেল মেছি (৪ গ’ল): তালিকাৰ দ্বিতীয় স্থানত আছে আৰ্জেণ্টিনাৰ মেছি। পাঁচখন মেচত তেওঁৰ গ’লৰ সংখ্যা ৪টা ৷ গ্ৰুপৰ প্ৰথমখন খেলত ছৌদি আৰৱৰ বিৰুদ্ধে মেছিয়ে গ’ল দিয়ে। মেক্সিকোৰ বিৰুদ্ধেও তেওঁ এটা গ’ল দিয়ে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলত আৰু নকআউট পৰ্যায়ত কোৱাৰ্টাৰ ফাইনেলত মেছিয়ে এটাকৈ গ’ল দিয়ে। গ্ৰুপৰ অন্তিমখন খেলত পেনাল্টি বা পেনাল্টিৰ দ্বাৰা গ’ল দিয়াৰ সংখ্যাত তেওঁ এমবাপেৰ সমান আছিল। কিন্তু মেছিয়ে এতিয়াও এমবাপেক অতিক্ৰম কৰাৰ সুযোগ আছে।
অলিভিয়াৰ জিহু (৪ গ’ল): মেছিৰ সৈতে যৌথভাৱে দ্বিতীয় স্থানত আছে জিহু। গ্ৰুপৰ প্ৰথমখন খেলত তেওঁ দুটা গ’ল দিয়ে। প্ৰি-কোৱাৰ্টাৰ ফাইনেলতো পোলেণ্ডৰ বিৰুদ্ধে গ’ল দিয়ে। কোৱাৰ্টাৰ ফাইনেলত জিহুৱে হেদিয়া গ’লেৰে ইংলেণ্ডক পৰাস্ত কৰে ফ্ৰান্সে। তেওঁ গোল্ডেন বুট লাভ কৰাৰ সম্ভাৱনা আছে।
জুলিয়ান আলভাৰেছ (২ গ’ল): এই বিশ্বকাপত আৰ্জেণ্টিনাৰ হৈ চমকপ্ৰদ প্ৰদর্শন কৰিছে আলভাৰেজে। পোলেণ্ডৰ বিৰুদ্ধে গ্ৰুপ মেচত তেওঁ প্ৰথমটো গ’ল দিয়ে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰি-কোৱাৰ্টাৰ ফাইনেলত দ্বিতীয়টো গ’ল দিয়ে।
আন্দ্ৰে ক্ৰামাৰিক (২ গ’ল): কানাডাৰ বিৰুদ্ধে ক্ৰ’ৱেচিয়াৰ ষ্ট্ৰাইকাৰগৰাকীয়ে ব্গ’ল দিয়ে । ক্ৰ’ৱেচিয়াৰ অন্যতম আশা তেওঁ। দলটোৱে জয়ী হ’বলৈ ক্ৰামৰিচে অধিক গ’ল দিয়াৰ প্ৰয়োজন।
ইউছেফ এন-নেছিৰি (২ গ’ল): ক্রিষ্টিয়ানো ৰোনাল্ডোৰ পর্তুগালক এই মৰক্কো ফুটবলাৰৰ গ’লেৰে বিশ্বকাপৰ পৰা বাহিৰ কৰি দিয়া হয়৷ গ্ৰুপত কানাডাৰ বিৰুদ্ধেও তেওঁ গ’ল দিয়ে।
ইয়াৰ উপৰিও এই বিশ্বকাপত ক্ৰ’ৱেচিয়াৰ ইভান পেৰিচিচ, মাৰ্কো লিভাজা, লভ্ৰ’ মাইয়াৰ, ফ্ৰান্সৰ এড্ৰিয়েন হামভি, চুৱামেনি, আৰ্জেণ্টিনাৰ এনজো ফাৰ্নাণ্ডেজ, এলেক্সিছ মেকএলিষ্টাৰ, নাহুৱেল মলিনা, মৰক্কোৰ আব্দেলহামিদ ছাবিৰি, জাকাৰিয়া আবৌখলাল, হাকিম জিচে ১টাকৈ গ’ল দিয়ে। লগতে আৰু দুখনকৈ মেচ খেলিব পাৰিব। সেয়ে তেওঁলোকো সোণালী বুটৰ বাবে যুঁজত নামিছে।