আই চি চি মহিলা বিশ্বকাপৰ দ্বিতীয়খন খেলত বৃহস্পতিবাৰে টীম ইণ্ডিয়াই নিউজিলেণ্ডৰ হাতত ৬২ ৰাণত পৰাজিত হয় ৷ ইয়াৰ পূর্বে বিশ্বকাপৰ আৰম্ভণি খেলত নিউজিলেণ্ড ৱেষ্ট ইণ্ডিজৰ হাতত তিনি ৰাণৰ ব্যৱধানত পৰাজিত হৈছিল। ইফালে, ভাৰতে প্ৰথম খন খেলত পাকিস্তানক ১০৭ ৰাণত পৰাস্ত কৰিছিল।
আজি টছত জয়ী হৈ ভাৰতীয় অধিনায়ক মিথালী ৰাজে আয়োজক দলটোক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ নিউজীলেণ্ডে ৫০ অভাৰত ৯ উইকেটৰ বিনিময়ত ২৬০ ৰাণ সংগ্ৰহ কৰে। এমি চেটাৰ্থৱেইট 75 ৰাণ কৰাৰ লগতে এমেলিয়া কেৰেও ৬৪ বলত ৫০ ৰাণ সংগ্ৰহ কৰিছিল ৷কেটি মাৰ্টিনেও ৪১ ৰাণ সংগ্ৰহ কৰি নিউজিলেণ্ডক শক্তিশালী স্থানলৈ লৈ যায় ৷ ভাৰতৰ হৈ পূজা বস্ত্ৰকাৰে ৪ টা উইকেট দখল কৰে ৷
ভাৰতীয় দলটোৱে ইনিংছৰ আৰম্ভণিতে স্মৃতি মান্ধানা (৬) আৰু দীপ্তি শৰ্মাৰ (৫) উইকেট হেৰুৱাইছিল। অৰ্ডাৰৰ শীৰ্ষত থকা শ্বাফালী বাৰ্মাৰ ঠাইত থকা যস্তিকা ভাটিয়াও ২৮ ৰাণত আউট হোৱাৰ বিপৰীতে মিথালী ৰাজ ৩১ ৰাণত এমেলিয়া কেৰৰ বলত আউট হয় ৷হৰমনপ্ৰীত কৌৰে ৬৩ টা বলত ৭১ ৰাণ কৰি ভাৰতক আগুৱাই লৈ যায় ৷ ভাৰতীয় দলটো ৪৬.৪ অভাৰত ১৯৮ ৰাণহে কৰিবলৈ সক্ষম হয় ৷