ক্ৰিকেট অনুৰাগীসকলৰ বাবে সুখবৰ ৷ দর্শকসকলে ষ্টেডিয়ামৰ পৰা উপভোগ কৰিব পাৰিব আগন্তুক আই পি এলৰ মেচ ৷ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ কতৃপক্ষই এইবাৰ ষ্টেডিয়ামত দর্শকৰ অনুমতি প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে ৷ আই পি এল অহা ২৬ মাৰ্চৰ পৰা ৱাংখেডে ষ্টেডিয়ামত আৰম্ভ হ’ব ৷ প্ৰথমখন মেচত চেন্নাই চুপাৰ কিংছে (চিএছকে) কলকাতা নাইট ৰাইডাৰ্ছৰ (কেকেআৰ)মুখামুখি হ’ব। কোভিদ প্ৰট’কল অনুসৰি ষ্টেডিয়ামৰ মুঠ আসনৰ ২৫ শতাংশ আসনত দর্শকৰ অনুমতি দিয়া হ’ব।
এই সন্দর্ভত এক আনুষ্ঠানিক বিবৃতিত আই পি এল কতৃপক্ষই কয়-” মহামাৰীৰ বাবে কিছু সময়ৰ বিৰতিৰ পিছত আই পি এলৰ ১৫ তম সংস্কৰণত অনুৰাগীসকলক ষ্টেডিয়ামলৈ উভতি অহাৰ বাবে অনুমতি প্ৰদান কৰা হ’ব ৷ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা ক্ৰিকেট টুৰ্ণামেণ্টত তেওঁলোকৰ প্ৰিয় খেলুৱৈসকলৰ প্ৰদর্শণ উপভোগ কৰিব পাৰিব ৷”
খেলসমূহ মুম্বাই, নৱী মুম্বাই আৰু পুনেত অনুষ্ঠিত হ’ব।, ৱাংখেড়ে ষ্টেডিয়াম আৰু ডিৱাই পাটিল ষ্টেডিয়ামত ২০ খন খেল অনুষ্ঠিত হ’ব। ইফালে, পুনেৰ ব্ৰেবোৰ্ণ ষ্টেডিয়াম আৰু এমচিএ আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ১৫ খন খেল অনুষ্ঠিত হ’ব।