চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীকে ধৰি আঠজন লোক কিংবদন্তী ফুটবলাৰ ডিয়েগো মাৰাডোনাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত উত্তৰ দিব আৰ্জেণ্টিনাৰ আদালতত। মাৰাডোনাৰ মৃত্যুৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে আৰ্জেণ্টিনা প্ৰশাসনে। সংশ্লিষ্ট আঠজন লোক মাৰাডোনাৰ চিকিৎসাৰ দায়িত্বত আছিল।
২০২০ চনৰ ২৫ নৱেম্বৰত শেষ নিশ্বাস ত্যাগ কৰে মাৰাডোনাই। আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী প্ৰাক্তন অধিনায়কগৰাকীৰ মৃত্যুৰ কাৰণ সেই সময়ত ৰহস্যৰ মাজত সোমাই পৰিছিল ৷ কাৰণ, মৃত্যুৰ কেইদিনমান আগতে অস্ত্ৰোপচাৰ কৰি সুস্থ হৈ ঘৰলৈ তেওঁ উভতি আহিছিল। বাকী সকলো চিকিৎসা ঘৰতে কৰা হৈছিল। প্ৰাক্তন ফুটবলাৰগৰাকীৰ বাবে ২৪ ঘণ্টীয়া বিশেষজ্ঞ চিকিৎসক আৰু নাৰ্ছৰো ব্যৱস্থা কৰা হৈছিল। কিন্তু আৰ্জেণ্টিনাৰ প্ৰশাসনে ৬০ বছৰ বয়সত তেওঁৰ মৃত্যু কেনেকৈ হ’ল সেই বিষয়ে সঠিকভাৱে জানিবলৈ তদন্ত আৰম্ভ কৰে।
তদন্তকাৰীয়ে মাৰাডোনাৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত নিশ্চিত হ’বলৈ চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীকে ধৰি আঠজন লোকক জেৰা কৰিব বিচাৰিছে। ছান ইচিড্ৰ’ ব’ৰ্ড অৱ আপীলৰ সন্মুখত হাজিৰ হ’ব লাগিব নিউৰ’চাৰ্জন লিঅ’পলডো লুচি, ফিজিঅ’থেৰাপিষ্ট অগাষ্টিনা কোছাকভকে ধৰি আঠজন লোক।
মাৰাডোনাৰ হাৰ্ট এটেকত মৃত্যু হয়। একাংশ চিকিৎসকৰ মতে, যদিও মাৰাডোনাৰ বিভিন্ন শাৰীৰিক সমস্যা আছিল, তথাপিও সেইবোৰ মাৰাত্মক নাছিল। মৃত্যুৰ কেইদিনমান আগতে মাৰাডোনাৰ অপাৰেচন হৈছিল। চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি অহাৰ পিছত হঠাৎ মৃত্যু হয় মাৰাডোনাৰ। বহুতে বিশ্বাস কৰে যে অস্ত্ৰোপচাৰৰ জটিলতাৰ বাবেই হয়তো প্ৰাক্তন ফুটবলাৰগৰাকীৰ মৃত্যু হৈছে।