বিশ্বকাপ ফুটবলৰ ফাইনেলত প্ৰৱেশ কৰিছে আৰ্জেণ্টিনা। ৩৬ বছৰীয়া অপেক্ষাৰ অন্তত তৃতীয়বাৰৰ বাবে চেম্পিয়নৰ খিতাপ লাভ কৰিবলৈ হাহাকাৰ কৰিছে লিয়নেল মেছিয়ে। হাজাৰ হাজাৰ আৰ্জেণ্টিনাৰ লোকে দেশৰ খেল উপভোগ কৰিবলৈ কাটাৰলৈ আহিছে। কিন্তু যিসকল দেশত আছে তেওঁলোকেও এক ইতিহাসৰ সাক্ষী হোৱাৰ সুযোগ পাইছে। বিশ্বখ্যাত তাৰকাডিয়েগো মাৰাডোনাৰ বাসগৃহত বিশ্বকাপৰ ফাইনেল খেল চাব পাৰিব দেশখনৰ ফুটবল অনুৰাগীয়ে ।
বুয়েনছ আয়াৰ্ছত মাৰাডোনাৰ কেইবাটাও ঘৰ আছে। এৰিয়েল ফাৰ্নাণ্ডো গাৰ্চিয়াই ইয়াৰে এটা বাসগৃহ ক্ৰয় কৰিছে । সেই ঘৰটো তেওঁ স্থানীয় লোকৰ বাবে খুলি দিছে ৷ চৌহদটোৰ মুকলি স্থানত ডাঙৰ পৰ্দাত খেল প্ৰদর্শনৰ ব্যৱস্থা কৰা হৈছে ৷ খেলৰ সমান্তৰালভাৱে চলিছে গো-মাংস, গাহৰিৰ মাংস, চেণ্ডুইচ ৰন্ধাৰ প্ৰস্তুতি । অৱশ্যে তাত সুৰা সেৱন কৰিব নোৱাৰি।
বহু স্থানীয় লোক কেৱল খেল চাবলৈ নহয়, মাৰাডোনাৰ ঘৰ চাবলৈও আহিছে। ঘৰটোৰ ভিতৰত প্ৰৱেশ কৰিয়েই কিছুমানে আৱেগত চকুলো টুকিছে ৷ আন কিছুমানে আনন্দত আত্মহাৰা পৰিছে । ঘৰৰ প্ৰতিটো কোঠালৈ চাই অনুৰাগীসকল অভিভূত হৈ পৰিছে ৷প্ৰতিটো চুকতে তেওঁলোকে বিচাৰি পাইছে মাৰাডোনাৰ স্পৰ্শ । গতিকে এই ঘৰটো প্ৰতিজন আৰ্জেণ্টিনাৰ লোকৰ বাবে মন্দিৰতকৈ কম নহয়। ঘৰটোৰ মুকলি স্থানতো অনুৰাগীয়ে ভিৰ কৰিছে । ডিয়েগোৱে তাত ফুটবল অনুশীলন কৰিছিল। প্ৰতিডাল ঘাঁহতে তেওঁৰ স্পৰ্শ আছে। ঘাঁহনিডৰা এবাৰ স্পর্শ কৰি চুব বিচাৰে সকলোৱে।
১৯৮০ চনত মাৰাডোনাই ঘৰটো কিনিছিল। মাক-দেউতাকৰ বাবে কিনিলেও বহু দিন তেওঁ তাতেই বাস কৰিছিল । ১৯৮৬ চনত বিশ্বকাপ জয় কৰাৰ পিছত মাৰাডোনাই এই ঘৰৰ বেলকনিত থিয় হৈ অনুৰাগীক সম্ভাষণ জনাইছিল। এই ঘৰৰ ওচৰতে গাৰ্চিয়া বাস কৰিছিল। সৰুতে তেওঁ তাত প্ৰৱেশ কৰিবলৈ বহুবাৰ চেষ্টা কৰিছিল। কিন্তু নোৱাৰিলে। সেই ঘৰত তেওঁ মাৰাডোনাক বহুবাৰ দেখিছিল।
গাৰ্চিয়াই কয় যে যোৱা মাহত তেওঁ বাতৰি কাকতত দেখিছিল যে ঘৰটো বিক্ৰীৰ বাবে বিজ্ঞাপন দিয়া হৈছে । য’ত লিখা আছিল, এসপ্তাহৰ ভিতৰত যদি কোনো ক্ৰেতা পোৱা নাযায় তেন্তে ঘৰটো ভাঙি তাত শ্বপিং মল নিৰ্মাণ কৰা হ’ব। গাৰ্চিয়াই লগে লগে সিদ্ধান্ত ল’লে যে তেওঁ ঘৰটো কিনিব। প্ৰায় ৭.৫ কোটি টকাত তেওঁ কিনিছিল ঘৰটো। প্ৰথমতে তেওঁ ভাবিছিল যে তেওঁ মাৰাডোনাৰ এটা মিউজিয়াম নির্মাণ কৰিব । কিন্তু ঘৰৰ ভিতৰলৈ ভৰি দিয়াৰ পিছত তেওঁৰ অনুভৱ হয় যে এই ঘৰটো সকলোৰে বাবে খোলা উচিত। ইয়াৰ পিছত তেওঁ এই ব্যৱস্থা গ্ৰহণ কৰে।
প্ৰথমতে কেৱল পৰিয়াল আৰু বন্ধু-বান্ধৱীকহে খেল চাবলৈ দিয়া হৈছিল। কিন্তু লাহে লাহে ইয়াৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। গাৰ্চিয়াই কাকো নাহিবলৈ ক’ব পৰা নাছিল। ক্ৰ’ৱেচিয়াৰ বিৰুদ্ধে খেলখন প্ৰায় ৭০০ লোকে চাইছিল। লগতে বিনামূলীয়া খাদ্যও গ্ৰহণ কৰে ।