পেৰিছ চেণ্ট জাৰ্মেইনৰ সৈতে লিয়নেল মেছিৰ চুক্তিৰ ম্যাদ জুন মাহত শেষ হ’ব। ইয়াৰ পিছত কি কৰিব মেছিয়ে? পি এছ জিৰ সৈতে চুক্তি বৃদ্ধি কৰিব? নে আন এটা ক্লাবত যোগদান কৰে? ইয়াক লৈ আৰম্ভ হৈছে জল্পনা কল্পনা ৷ অৱশ্যে ছৌদি আৰৱত দেখা গৈছে মেছিৰ পিতৃ জৰ্জক। তেওঁ মেছিৰ এজেণ্টো। গতিকে জৰ্জে নতুন ক্লাবৰ লগত কথা পাতিবলৈ ছৌদিলৈ গৈছে নেকি তাক লৈয়ো চর্চা আৰম্ভ হৈছে ৷
স্পেইনৰ বাতৰি কাকত মাৰ্কাই প্ৰকাশ কৰা অনুসৰি জৰ্জক ৰিয়াধৰ ৰাজপথত দেখা গৈছিল। কোনো ক্লাবক লগ কৰিবলৈ তালৈ গৈছিল নেকি নিশ্চিত নহয়। অৱশ্যে মাৰ্কাৰে দাবী কৰে যে জৰ্জে চৌদি ক্লাব আল হিলালৰ বিষয়াসকলৰ সৈতে কথা পাতিবলৈ গৈছিল। নহ’লে তেওঁ সেই দেশলৈ কিয় যাব? ইতিমধ্যে আল হিলালে মেছিক ১৯৩৫ কোটি টকা আগবঢ়াইছে। অৱশেষত সেই প্ৰস্তাৱৰ প্ৰতি সঁহাৰি জনাইছে নেকি আৰ্জেণ্টিনাৰ বিশ্বকাপ বিজয়ী অধিনায়কে?
ছৌদি প্ৰ’ লীগত আল নাছেৰৰ প্ৰতিদ্বন্দ্বী ক্লাব হৈছে আল হিলাল। ক্রিষ্টিয়ানো ৰোনাল্ডোৱে আল নাছেৰৰ হৈ খেলে। আল হিলালে ছৌদি ক্লাবলৈ যোৱাৰ পিছৰে পৰা মেছিক নিজৰ ক্লাবলৈ অনাৰ চেষ্টা চলাই আহিছে। সেই প্ৰচেষ্টা এইবাৰ সফল হ’বলৈ গৈ আছে? জৰ্জৰ ৰিয়াধলৈ যোৱাটোৱে সেই জল্পনা-কল্পনাক অধিক গাঢ় কৰি তুলিছে ৷
পি এছ জিৰ সৈতে নতুন চুক্তি স্বাক্ষৰ কৰা নাছিল মেছিয়ে। পেৰিছৰ ক্লাবত তেওঁ সুখী নহয়। গতিকে বিশ্বকাপৰ সোণালী বল বিজয়ী তাৰকাগৰাকীয়ে আৰু তাত থাকিব নিবিচাৰে। কেইবাটাও ক্লাবে মেছিৰ সৈতে আলোচনাত মিলিত হৈছে। মেজৰ লীগ ছকাৰ ক্লাব ইণ্টাৰ মিয়ামীয়েও মেছিৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিছে। এনে পৰিস্থিতিত তেওঁৰ গন্তব্যস্থান হ’ব পাৰে ছৌদি।